বিজেপিৰ মুখ্যমন্ত্রী থিৰাং কৰিব সংসদীয় ব’র্ডে
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ ১০০+ আসন দখলৰ লক্ষ্য বান্ধি লোৱা বিজেপিৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব? নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যজুৰি চলি থকা এই চর্চাৰ মাজতে আজি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তাৎপর্যপূর্ণ মন্তব্য– বিজেপিৰ মুখ্যমন্ত্রী এৰ চৰকাৰ হ’ব৷ সমীক্ষাত প্রকাশ পোৱা মতে, ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন এন ডি এ আৰু কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হ’ব৷ ১২৬জনীয়া বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন এন ডি এই ৬৭ আসন, কংগ্রেছ নেতৃত্বাধীন ইউ পি এই ৫৭ আৰু অন্যান্যই দুখন আসন লাভ কৰিব৷ লক্ষণীয় যে নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিক লৈ বিজেপি নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে প্রবল প্রতিবাদ সত্ত্বেও বিধানসভা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ অৱশ্যে কংগ্রেছ নেতৃত্বাধীন ইউ পি এৰ সৈতে হোৱা তুমুল প্রতিদ্বন্দ্বিতাৰ বাবে অতি কম আসনৰ ব্যৱধানত এন ডি এ জয়ী হ’ব৷ সমীক্ষাত ৪২.৯ শতাংশই বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰকে পুনৰ শাসনলৈ অহাৰ বিপৰীতে ৪০.৭ শতাংশই ইউ পি এক বিচাৰে৷
বিগত বিধানসভা নির্বাচনৰ লেখীয়া বিজেপিয়ে আঞ্চলিক দল অগপৰ সৈতে মিত্রজোঁট বান্ধি নির্বাচনত অৱতীর্ণ হৈছে৷ অৱশ্যে পূর্বৰ বি পি এফক আঁতৰাই বি টি আৰ শাসিত ইউ পি পি এলৰ সৈতে মিত্রজোঁট বান্ধিছে বিজেপি আৰু অগপ মিত্রজোঁটে৷ আনপিনে শতিকা পুৰণি কংগ্রেছ দলটোৱে এইবেলি পূর্বৰ প্রতিদ্বন্দ্বী বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ লগতে বি পি এফ আৰু আন তিনিটা দলৰ সৈতে মহাজোঁট গঠন কৰিছে৷ প্রাক্নির্বাচনী সমীক্ষা মতে এইবেলি বিধানসভা নির্বাচনত এন ডি এৰ পথ মসৃণ নহয়৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত এন ডি এই ৭৪ আসন লাভ কৰাৰ বিপৰীতে ইউ পি এই লাভ কৰিছিল ৩৯খন আসন৷ আনহাতে, প্রাক্নির্বাচনী সমীক্ষাত ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে কোন অধিক পছন্দৰ, সেই সন্দর্ভত ৪৫.২ শতাংশই বর্তমানৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা সর্বানন্দ সোণোৱালকে বিচাৰিছে৷ আনপিনে কংগ্রেছ নেতা গৌৰৱ গগৈক দ্বিতীয় পছন্দ আৰু ৪.৮ শতাংশৰে বদৰুদ্দিন আজমলক তৃতীয় পছন্দ হিচাপে সমীক্ষাত প্রকাশ পাইছে৷ মন কৰিবলগীয়া যে বিজেপি নেতৃত্বাধীন এন ডি এৰ অসম চৰকাৰৰ কার্যকলাপক লৈ ৪১.৪৮ শতাংশ অতি সন্তুষ্ট, ২৯.৬৫ শতাংশ লোক কিছু সন্তুষ্ট আৰু ১৫.৮১ শতাংশ লোক অকণো সন্তুষ্ট নহয়৷ ১৩.০৫ শতাংশ লোকে প্রদর্শনক লৈ কোনো মন্তব্য কৰা নাই৷