নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত নাট্য কৰ্মশালা

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰঃ মাজুলীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত আজিৰে পৰা নাট্য কৰ্মশালা অনুষ্ঠিত হৈছে৷ উজনি মাজুলীৰ নতুন বজাৰস্থিত মিলন সংঘত প্ৰযোজনা ভিত্তিক ২০২২ বৰ্ষৰ ১৭ জানুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা নাট্য কৰ্মশালাত অসমৰ বিশিষ্ট অভিনেতা তথা পৰিচালক সীমান্ত ফুকনে প্ৰশিক্ষণ প্ৰদান কৰিব৷ইফালে নাট্য কৰ্মশালাৰ অন্তত শিল্পী দিৱস উপলক্ষে ১৭ আৰু ১৮ জানুৱাৰীত নাট্য কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনুপম সৃষ্টি ‘ৰূপালীম’ আৰু এখনি শিশু নাট মঞ্চস্থ কৰা হ’ব বুলিও উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে৷

নাট্য কৰ্মশালাত তৃতীয় শ্ৰেণীৰ ওপৰৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব৷ লগতে সবিশেষ জানবৰ বাবে উদ্যোক্তা সমিতিৰ ফোন নম্বৰ ৯৯৫৭২৭৮০৩৫ অথবা ৯৮৫৯৩৭৬৭৩৩ নম্বৰত যোগাযোগ কৰিব পাৰিব৷স্মৰ্তব্য যে ২০০৯ বৰ্ষত অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠী লোকৰ সন্মিলিত প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা ‘নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চ’ই প্ৰতিষ্ঠা কালৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে শাৰিৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

প্ৰেৰকঃ ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like