নলবাৰীত বিশিষ্ট ভাস্কর্য শিল্পী যোগেন্দ্র চন্দ্র শীলক জীৱনশিল্পী আদ্য শর্মা বঁটা প্রদান
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ মঙলবাৰে জীৱন শিল্পী আদ্য শর্মা বঁটা, বিশিষ্ট ভাস্কর্য শিল্পী যোগেন্দ্র চন্দ্র শীলক প্রদান কৰা হয়৷ নলবাৰী আর্ট স্কুলৰ পিতামহ স্বৰূপ গুৰুজী আদ্য শর্মাৰ সপ্তম মৃত্যুবার্ষিকী উপলক্ষে দিনজোৰা কার্যসূচীৰে কালি নলবাৰী আর্ট স্কুলত সপ্তম বার্ষিক জীৱন শিল্পী দিৱস উদযাপন কৰা হয়৷ নলবাৰী আর্ট স্কুল প্রাংগণত বিয়লি শিক্ষানুষ্ঠানখনৰ ভাৰপ্রাপ্ত সভাপতি মুকুল গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্রদান আৰু অভিনন্দন গ্রন্থ উন্মোচনী সভা তথা মুকলি অধিৱেশনত বিশিষ্ট ভাস্কর্য শিল্পী যোগেন্দ্র চন্দ্র শীলক ‘জীৱন শিল্পী আদ্য শর্মা বঁটা–২০২২’ প্রদান কৰা হয়৷ এই অনুষ্ঠানতেই নলবাৰী আর্ট স্কুলৰ সভাপতি, প্রবীণ শিল্পী পবিন শর্মাৰ জীৱন আৰু কৃতি সম্বলিত আর্ট স্কুলৰ সম্পাদক ড০ শৈলেন্দ্র প্রসাদ শর্মা সম্পাদিত ‘জীৱন কথা’ নামৰ অভিনন্দন গ্রন্থখন উন্মোচন কৰে গুৱাহাটী দূৰদর্শন কেন্দ্রৰ অৱসৰপ্রাপ্ত অনুষ্ঠান কার্যবাহী বিভূ দত্তই৷
আর্ট স্কুলৰ সম্পাদক ড০ শৈলেন্দ্র প্রসাদ শর্মাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সমাজকর্মী তথা নর্থ ইষ্ট কেঞ্চাৰ ইন্ষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, শিক্ষা বিষয়া লীলাধৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জীৱন শিল্পী আদ্য শর্মাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বিশিষ্ট শিল্পী পবিন শর্মাৰ জীৱন আৰু কৃতিৰ আলোকপাত কৰে৷ ইয়াৰ পূর্বে পুৱা পতাকা উত্তোলন কৰে নলবাৰী আর্ট স্কুলৰ সভাপতি পবিন শর্মাই৷ নলবাৰী আর্ট স্কুল প্রাংগণ আৰু গুৰুজী আদ্য শর্মা উদ্যানত জীৱন শিল্পীগৰাকীৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ ইয়াৰ পিছত সন্ধিয়া বন্তি প্রজ্বলন কৰে বিশিষ্ট সমাজকর্মী উমেশ চন্দ্র শর্মাই৷