নাওবৈচাৰ ফুলবাৰীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ :
নিয়মীয়া বাৰ্তা,২০ আগষ্ট: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতি বিৰুদ্ধে যি জেহাদ ঘোষণা কৰিছিল সেই জেহাদক ধোঁৱা চাঙত তুলি লখিমপুৰ জিলা লোক নিৰ্মান বিভাগত চলাই গৈছে দুৰ্নীতিৰ মহাখেল। বিভাগটোৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰে গোপন বুজাবুজিৰে জনসাধাৰণক পনবন্দী কৰি ভয়ঙ্কৰ দুৰ্নীতিৰে পথ নিৰ্মান কৰাৰ ফলতেই জিলা খনৰ নাওবৈচাৰ বহু কেইটা নিৰ্মীয়মান পথ এতিয়া মৰণফান্দলৈ পৰিণত হৈছে।ভাৰত চৰকাৰৰ গ্ৰাম্য পথ উন্নয়ন মন্ত্ৰালয়ৰ বিত্তীয় অনুদান আৰু প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত লখিমপুৰ গ্ৰাম্য পথ সংমণ্ডল তত্বাৱধানত ১কোটি ৬৪ লাখ ৩৩ হাজাৰ ব্যয় সাপেক্ষে ফুলবাৰীত এল ০৪৬ ভোগপুৰীয়া পথ ঠিকাদাৰ প্ৰবীণ দিহিঙীয়াই নিৰ্মান কৰিছিল। ফুলবাৰী অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ এই পথটো নিৰ্মানৰ সময়ত প্ৰাক:কলন অনুসৰি কাম নকৰাত সম্প্ৰতি অঞ্চলটোৰ ৰাইজ জাঙুৰ খাই উঠিছে। লোক নিৰ্মান বিভাগৰ অভিযন্তা ৰূপম কাকতি আৰু ঠিকাদাৰ প্ৰবীণ দিহিঙীয়াই পথটো নিৰ্মাণৰ সময়ত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাত পথটো সম্পূৰ্ন নৌহওঁতে এটা পকী কালভাৰ্ট ভাগি যোৱাত অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। নিতৌ সংঘটিত হৈছে দুৰ্ঘটনা । নিশা হলে গাঁওৰক্ষী বাহিনীয়ে পহাৰ দি পাৰ কৰে পথচাৰীক। উল্লেখযোগ্য যে অঞ্চলটোৰ ৰাইজে লোক নিৰ্মান বিভাগক পথটোৰ দুৰ্নীতি সন্দৰ্ভত বহু বাৰ অৱগত কৰিছিল যদিও বিভাগটোৱে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ গৰাকী ৰক্ষণাবেক্ষণ দিয়াত হে উঠিপৰি লাগিছে বুলি ৰাইজে অভিযোগ কৰিছে। যাৰ ফলত বিভাগটোৰ পৰা কোনো সুফল নাপায় কালি অঞ্চলটোৰ ৰাইজে সেই ভঙা কালভাৰ্টটোৰ ওপৰত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰি লোক নিৰ্মান বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনায়। অঞ্চলটোৰ ৰাইজৰ এতিয়া শেষ ভৰসা মুখ্যমন্ত্ৰীৰ। সমগ্ৰ বিষয়টোক দৃষ্টি নিক্ষেপ কৰি লখিমপুৰ লোক নিৰ্মান বিভাগত দীর্ঘ দিনে সংঘটিত হৈ থকা দুৰ্নীতি উচিত তদন্ত কৰি দুৰ্নীতিত লিপ্ত হোৱা বিষয়া, অভিযন্তা ঠিকাদাৰৰ ওপৰত উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে।