নাজিৰাৰ চানবছাস্থিত ‘দুগ্ধ সংশাধন প্ৰকল্প’ৰ শীঘ্ৰে কাৰ্যক্ষম কৰাৰ আস্বাস মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ১২ জুনঃ আজি কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই নাজিৰাৰ চানবছাস্থিত “দুগ্ধ সংশাধন প্ৰকল্প” আৰু “গাহৰি মাংস সংশাধন প্ৰকল্প” দুটা পৰিদৰ্শন কৰে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে সাংসদ তপন গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত, নাজিৰা মহকুমাৰ মহকুমাধিপতি, নাজিৰা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিৰ লগত এক আলোচনাত মিলিত হয়। এই আলোচনাত প্ৰকল্প দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তদুপৰি ইয়াক সুচাৰুৰূপে চলাই থকাৰ বাবে প্রয়োজনীয় গাখীৰৰ উৎপাদন বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্রদান কৰে।
ইয়াৰ উপৰিও অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধীনস্থ আধুনিক প্ৰকল্পটো পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ইয়াৰ জৰিয়তে নিবনুৱাসকলৰ বাবে আত্মসংস্থাপনৰ সুবিধা মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে ।