নামনি অসম মহোৎসৱত যোগীঘোপাৰ সাংবাদিক মনোৱাৰ হুছেইনক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ- গোৱালপাৰাৰ জিলাৰ কাচাৰীঘাটত যোৱা ৪ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ দহদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নামনি অসম মহোৎসৱত যোগীঘোপাৰ সাংবাদিক মনোৱাৰ হুছেইনক বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।কাচাৰীঘাটত যোৱা ৪ জুলাইৰ পৰা আৰম্ভ হৈছে এই নামনি অসম মহোৎসৱ । উক্ত মহোৎসৱত কালি অনুষ্ঠিত অনুষ্ঠানত নামনি অসমৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানত সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত অনুষ্ঠানতে আয়োজক সমিতিয়ে সমাজত সেৱা আগবঢ়েৱাৰ বাবে যোগীঘোপাৰ সাংবাদিক মনোৱাৰ হুছেইনক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।সাংবাদিক গৰাকীক এখনি চেলেং চাদৰ , এখনি মানপত্ৰ আৰু উপহাৰ আদিৰে উষ্মভাবে সম্বৰ্ধনা জ্ঞাপন কৰে ।উল্লেখ্য যে, সুদীৰ্ঘ ২০ বছৰ কালধৰি সাংবাদিকতা ব্ৰতী থকা সাংবাদিক গৰাকীয়ে বিভিন্ন সময়ত সমাজ সেৱা আগবঢ়াই আহিছে । অসহায় বানাক্ৰান্ত লোকক,এন আৰ চি,ডি ভোটাৰ আদি লোকক সহায়ৰ হাত আগবঢ়াই আহিছে ।যোগীঘোপা থানাৰ অন্তৰ্গত ছেদামাৰী গাঁৱৰ বাসিন্দা জেলহক আলীৰ সুযোগ্য সন্তান সাংবাদিক মনোৱাৰ হুছেইনে এনে সন্মান লাভ কৰাত বিভিন্ন জনৰ লগতে যোগীঘোপা প্ৰেছ ক্লাৱে শুভেচ্ছা জ্ঞাপন কৰে ।
টিংকু চন্দ্ৰ দাস ,যোগীঘোপা