নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানা পৰিদর্শন স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ ৰাজ্যৰ বিত্ত, স্বাস্থ্য তথা গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উজনি অসম ভ্রমণৰ মাজতে  মন্ত্রীগৰাকী হঠাতে উপস্থিত হয় নামৰূপ সাৰ কাৰখানাত৷ যোৱা সময়ছোৱাত কাৰিকৰী বিজুতি তথা দুর্ঘটনা সংঘটিত হৈ বন্ধ হৈ থকা কাৰখানাটোত পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্রী শর্মাৰ উপস্থিতিক লৈ বিশেষ তৎপৰতা বৃদ্ধি পায় কাৰখানাটোৰ বিষয়া–কর্মচাৰীৰ মাজত৷ উল্লেখ্য যে কাৰিকৰী দুর্ঘটনাৰ ফলত যোৱা দীর্ঘদিন বন্ধ হৈ থকা নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰিবলৈ বিভিন্ন পক্ষই দাবী তুলি আহিছে যদিও এইক্ষেত্রত কার্যকৰী পদক্ষেপ গ্রহণ কৰা হোৱা নাই৷ আনকি যোৱা ১১ জুলাইত স্থানীয় সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়ে উদ্যোগটোৰ কর্তৃপক্ষ আৰু ইউনিয়নৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হৈ সাৰ কাৰখানাটো পুনৰ কার্যক্ষম কৰাৰ আশ্বাস দিছিল৷ এনে প্রতিশ্রুতিৰ পাছতেই আজি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্রীগৰাকী কাৰখানাটোত উপস্থিত হোৱা বিষয়টোৱে কর্মচাৰীসকললৈ ইতিবাচক বার্তা কঢ়িয়াই আনিছে৷ মন্ত্রী ড০ শর্মাই সাৰ কাৰখানাৰ কর্তৃপক্ষ আৰু ইউনিয়নৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাতো মিলিত হয়৷ এই আলোচনাকালতে উদ্যোগটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অসীম কুমাৰ ঘোষে সাৰ কাৰখানাটো পুনৰ জীৱিত কৰাৰ ক্ষেত্রত গ্রহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পর্কে মন্ত্রীগৰাকীক অৱগত কৰে৷ এই বৈঠকতে প্রস্তাৱিত চতুর্থটো উৎপাদন গোটক সম্ভাব্য উৎপাদন, উৎপাদিত সামগ্রীৰ বজাৰ আদিকে ধৰি বিভিন্ন দিশ বিস্তাৰিতভাৱে আলোচনা কৰা হয়৷ বিশেষকৈ প্রস্তাৱিত গোটটোত বিনিয়োগকাৰী উদ্যোগসমূহৰ বিনিয়োগ সন্দর্ভতো  বৈঠকত আলোচনা চলে৷

ইফালে অর্থ সংকটৰ সন্মুখীন হোৱা নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ্ বাবদ কেন্দ্রৰ পৰা ১০০ কোটি টকাৰ প্রয়োজনীয়তাৰ কথা আজি মন্ত্রী শর্মাক অৱগত কৰে কর্তৃপক্ষই৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই বিষয়টো কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে শীঘ্রে যোগাযোগ কৰি ধনৰাশি মোকলাই অনাৰো আশ্বাস দিয়ে৷   সাৰ কাৰখানাটো পৰিদর্শৰ সময়ত মন্ত্রী ড০ শর্মাক সংগ দিয়ে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, বিজেপি যুৱ মর্চাৰ উপ–সভাপতি তৰংগ গগৈ আৰু সাংসদ প্রদান বৰুৱাই৷ উল্লেখ্য যে উদ্যোগটোৰ জইণ্ট কাউঞ্চিল অৱ অফিচাৰ, ফার্টিলাইজাৰৰ শ্রমিক ইউনিয়ন, ফার্টিলাইজাৰৰ ৱকার্ছ ইউনিয়নৰ তৰফৰ পৰা চতুর্থ গোট স্থাপন আৰু উদ্যোগটোত বিভিন্ন সমস্যা সন্দর্ভত মন্ত্রী ড০ শর্মাক এখন স্মাৰক–পত্র প্রদান কৰে৷

You might also like