নাহৰকটীয়া চাচনীত গৃহস্থক ঘপিয়াই দুৰ্বৃত্তই লুটি নিলে আ-অলংকাৰ, নগদ ধন
নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: নাহৰকটীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত আৰু চাচনী আৰক্ষী চকীৰ অধ্যয়নৰ টিংৰাই কৈৱৰ্ত গাঁৱত কালি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ঘটনাটোত গাঁওখনৰে সুন্দৰ দাস নামৰ এজন যুৱকে এটা পৰিয়ালৰ এগৰাকী ব্যক্তিক দাৰে ঘপিওৱাৰ লগতে মহিলাকে ধৰি আন তিনি গৰাকী সদস্যক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি নগদ ৩০ হাজাৰ টকা আৰু সোণৰ আ অলংকাৰ লুটি লৈ যোৱাৰ কাণ্ড সংঘটিত হয় । উল্লেখযোগ্য যে চাচনী কৈৱৰ্ত্ত গাওঁত সংঘটিত এই ঘটনাটোত দুৰ্বৃত্ত সুন্দৰ দাসে কিৰণ দাস নামৰ ব্যক্তি গৰাকীক দাৰে ঘপিয়াই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত কৰা লগতে কিৰণ দাসৰ পত্নী বহাগী দাস, পুত্ৰ ভবানন্দ দাস, বোৱাৰী ঋতুমণি দাসক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰি নগদ ৩০ হাজাৰ টকা আৰু সোণৰ আ অলংকাৰ লৈ উধাও হয়। পৰিয়ালৰ লোকৰ পৰা লাভ কৰা তথ্য অনুসৰি কিৰণ দাসৰ পুত্ৰ ভবানন্দ দাস নিশা ভাওনা চাবলৈ যোৱাৰ সুযোগ গ্ৰহণ কৰি সুন্দৰ দাসে ঘৰৰ পিছ দুৱাৰেদি প্ৰৱেশ কৰি পত্নী ঋতুমণি দাসক অনৈতিক কাৰ্য্যকলাপ কৰিবলৈ চেষ্টা চলাওঁতে ঋতুমণি দাসে চিঞৰ বাখৰ কৰাত বহাগী দাস আৰু কিৰণ দাস ওলাই আহে আৰু সেই সময়তে সুন্দৰ দাসে প্ৰথমে কিৰণ দাসক দাৰে ঘপিয়াই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত কৰা লগতে পৰিয়ালৰ আন আন সদস্য সকলক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি লুটি লৈ যায় নগদ ৩০ হাজাৰ টকা সহ সোণৰ আ অলংকাৰ লুটি পলাই যোৱাৰ সময়তে সেই স্থানতে পুত্ৰ ভবানন্দ দাস উপস্থিত হৈ যদিও ভবানন্দ দাসকো প্ৰহাৰ কৰি পলায়ন কৰে অভিযুক্ত সুন্দৰ দাস। পৰিয়ালৰ লোকে চাচনী আৰক্ষীৰ কাষ চাপিছে যদিও বাতৰি লিখা পৰলৈকে অভিযুক্ত সুন্দৰ দাসক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই।