নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“নীতিশিক্ষা–ভূগোল স্কুলত সন্নিৱিষ্টৰ”- মন্ত্রী ভৱেশ কলিতা

নিয়মীয়া বার্তা, ৩০ ডিচেম্বৰঃ অসমত নীতিশিক্ষা, ভূগোল আদি বিষয়বোৰ অসমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত সন্নিৱিষ্ট কৰিবলৈ সময় হ’ল৷ পিতৃ– মাতৃ, শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক যিসকলে মানে, তেওঁলোকে জীৱনত কোনোদিন পিছুৱাই আহিব নালাগে৷ –এই মন্তব্য মন্ত্রী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ৷

৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তর্গত তথা বাগ্সা জিলাৰ গোৰেশ্বৰৰ গুৰমৌ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে দেওবাৰে অনুষ্ঠিত মুকলি সভাত অংশগ্রহণ কৰি আদৰণী ভাষণ দিয়া মন্ত্রী কলিতাই অসমীয়া মাধ্যমৰ কথা উল্লেখ কৰি পুনৰ কয় যে মাতৃভাষাত অধ্যয়ন কৰা ছাত্র–ছাত্রীহে সুনাগৰিক হ’ব পাৰে৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষকে কিয় নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাবলৈ আনিব নোৱাৰে বুলি আক্ষেপ কৰে৷ তেওঁ বর্তমান সময়ত নীতিশিক্ষা, ভূগোল আদি বিষয়বোৰৰ আকৌ চৰকাৰী বিদ্যালয়ত পাঠদান কৰাৰ বাবে পোষকতা কৰে৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রাক্তন পদাধিকাৰ তথা বর্তমানৰ মুখ্য উপদেষ্টা ভৱেন্দ্র নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমান্দ ৰাজবংশীয়ে কয় যে অসমীয়া কোনো জনগোষ্ঠীৰ ভাষা নহয়৷ কিন্তু অসমীয়া ভাষা হৈছে সকলো জাতি–জনগোষ্ঠীৰ বাবে মা যশোদা সদৃশ ভাষা৷ সহযোগী বা প্রধান বুলি কোনো কথা নাথাকে৷ ঘপহকৈ প্রধান বা সহযোগী ভাষা বুলি নির্দিষ্ট ভাষাক ঘোষণা কৰি চৰকাৰে অসমৰ জাতি–জনগোষ্ঠীৰ মাজত সংঘাত আনিব বিচাৰিছে৷ অসম চৰকাৰে অসমীয়া ভাষাৰ সংকট দূৰ কৰিবলৈ যি পদক্ষেপ গ্রহণ কৰিব লাগে, সেয়া কৰোঁতে অৱহেলা কৰিছে বুলি তেওঁ মন্তব্য কৰে৷

You might also like