নেহৰুবালিত বসন্ত উৎসৱত বিশিষ্ট কণ্ঠশিল্পী দিগেন মহন্তক কলংপৰীয়া শিল্পী বঁটা প্ৰদান
নিয়মীয়াবাৰ্তা,৯ মে’: সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’ৰ উদ্যোগত নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ পল্লৱ বৰা সোঁৱৰণী মঞ্চত কালি নিশা অনুষ্ঠিত ১৯ সংখ্যক বসন্ত উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীত দৰ্শকে বিপুল সঁহাৰি জনায় । নেহৰুবালিৰ বসন্ত উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত তৰুণ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ আৰু সুকণ্ঠী গায়িকা জুৱলী বৰুৱাৰ সংগীতৰ অনুষ্ঠানে দৰ্শকক মোহাচ্ছন্ন কৰি তোলে। অনুষ্ঠানত জুবিন গাৰ্গৰ সহ শিল্পী হিচাপে গীত পৰিবেশন কৰে অৰুন্ধতি ভানুপ্ৰিয়া আৰু শতাব্দী বৰাই। আনহাতে বেহৰবাৰী আউটপষ্ট খ্যাত কেকে আৰু মোহন অৰ্থাৎ কৌতুক শিল্পী সিদ্ধাৰ্থ শৰ্মা আৰু দ্বিপজ্যোতি কেওঁটৰ খুহুতীয়া অনুষ্ঠানে দৰ্শকক আমোদ দিয়ে । নগাঁৱৰ সাংস্কৃতিক অনুষ্ঠান সমন্বয় এনাজৰীৰ নৃত্য-গীতৰ অনুষ্ঠানে বসন্ত উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচীক এক বিশেষ মাত্ৰা প্ৰদান কৰে ।
ইপিনে একাংশ যুৱ প্ৰজন্মৰ চিত্ৰশিল্পীয়ে নিজ হাতে অংকন কৰা জুবিন গাৰ্গৰ কেইবাখনো চিত্ৰ প্ৰিয় কন্ঠশিল্পী গৰাকীক প্ৰদান কৰে । অনুষ্ঠানত জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা গাৰ্গকো উদ্যোক্তা সকলে আদৰণি জনায় । আনহাতে বসন্ত উৎসৱৰ বিগত সময়ৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ সৃষ্টিয়ে বিশিষ্ট কন্ঠ শিল্পী, সুৰকাৰ দিগেন মহন্তক কলংপৰীয়া শিল্পী বঁটা- ২০২২ প্ৰদান কৰে। উক্ত বঁটাৰ বাবদ শিল্পী গৰাকীক গামোচা, চেলেং, শৰাই, জাপি, মানপত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰা হয় ।
আনহাতে কলংপৰীয়া শিল্পী বঁটা গ্ৰহণ কৰি কন্ঠশিল্পী দিগেন মহন্তই সৃষ্টিৰ সদস্যসকলক বিশেষকৈ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে । সত্ৰীয়া পৰিবেশত ডাঙৰ দীঘল হোৱা শিল্পী দিগেন মহন্তই নিজকে সংগীতৰ মাজত জন্ম হোৱা বুলি মন্তব্য কৰে। কলঙৰ বিষয়ে উল্লেখ কৰি শিল্পী গৰাকী নষ্টাল’জিক হৈ পৰে। শিল্পী মহন্তই সৃষ্টিৰ অন্যতম সদস্য বিধায়ক ৰূপক শৰ্মাৰ সংস্কৃতিবান কৰ্মৰাজীৰো প্ৰশংসা কৰে । অনুষ্ঠানত দিগেন মহন্তৰ সহধৰ্মিণী প্ৰগতি মহন্তক উদ্যোক্তা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে । হিমাংশু বৰ্মন আৰু প্ৰণৱ শইকীয়াই আঁত ধৰা অনুষ্ঠানত সৃষ্টিৰ অন্যতম সদস্য তথা বিধায়ক ৰূপক শৰ্মাই ২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে নেহৰুবালিত সৃষ্টিৰ উদ্যোগত আৰম্ভ হোৱা বসন্ত উৎসৱৰ সাংস্কৃতিক যাত্ৰাৰ বিষয়ে উল্লেখ কৰি আগন্তুক বৰ্ষত ৭ ব’হাগৰ ভিতৰত এক ব্যতিক্ৰমিক ৰূপত বসন্ত উৎসৱ উদযাপনৰ পৰিকল্পনা কৰাৰ বিষয়ে ৰাইজক জানিবলৈ দিয়ে ।