নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীক তিনি তালাক দি ৰঙাঘৰৰ আলহী হ’ল মৰিগাঁৱৰ এজন অধ্যাপক

নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ ২২ বছৰ সংসাৰ কৰাৰ পিছত নিজ পত্নীক তিনি তালাক দি ৰঙা ঘৰৰ আলহী হ’বলগা হ’ল মৰিগাঁৱৰ এজন অধ্যাপক । জিলা খনৰ চৰাইবাহী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক স্বৰীফ উদ্দিনে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক অৱমাননা কৰি তিনি তালাক দিয়ে শিক্ষয়িত্ৰী পত্নীক।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে আৰু পত্নীয়ে এজাহাৰত উল্লেখ কৰা মতে দুটা সন্তানৰ পিতৃ তথা মৰিগাঁও নগৰৰ মিলনপুৰৰ নিবাসী শ্বৰীফ উদ্দিনে ২০১৩ চনত চাকৰি চৰকাৰী কৰণ হোৱাৰ পিছৰে পৰাই আৰম্ভ হৈছিল দ্বিতীয় বিবাহৰ নাটক ৷ আনহাতে শ্বৰিফ উদ্দিনৰ কন্যা উত্তৰ প্ৰদেশত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি আছে আৰু পুত্ৰ মৰিগাঁৱৰ এখন বিদ্যালয়ত সপ্তম মান শ্ৰেণীত অধ্যয়ন কৰি আছে ৷ এই ক্ষেত্ৰত শ্বৰিফৰ পত্নীয়ে দুই পুত্ৰ কণ্যাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে দ্বিতীয় বিবাহৰ প্ৰস্তাৱটোত সন্মতি দিয়া নাছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত শিক্ষয়িত্ৰী পত্নীক দীৰ্ঘদিন ধৰি অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী শ্বৰিফ উদ্দিনে ৷ অৱশেষত শ্বৰিফ উদ্দিনে উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা থকাৰ পিছতো পত্নীক তিনি তালাক দিয়ে ৷ ইয়াৰ পিছতে মহিলা গৰাকীয়ে স্বামী শ্বৰিফ উদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি R/W Sec – 4 , PRM Act 2019 আইনৰ অধীনত মৰিগাঁও আৰক্ষী থানাৰ 467 নম্বৰত এটি গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিৰ্ত্তিতে মৰিগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি 498 (A)307/387/324/325 ত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ চৰাইবাহী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক গৰাকীৰ এই কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মৰিগাঁৱত ৷

You might also like