নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰে মোবাইলত কথা পাতি থাকোঁতেই মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ যোৰহাটৰ তৰাজান সোণাৰি গাঁও দুই নম্বৰ পথত জিলা প্রশাসনে ঘোষণা কৰা এটা কনটেইনমেণ্ট জ’নত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ ব্যক্তিজনক সমীপৰ চুহাম স্পপিং নামৰ এটা মলৰ কর্মচাৰী যোগেশ হালৈ (৩৬)বুলি চিনাক্ত কৰা হৈছে৷

আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, নলবাৰী নিৱাসী যোগেশ হালৈয়ে কর্মসূত্রে গাঁওখনৰ নিৱাসী জনৈক জিতু চুতীয়াৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল৷ একেটা চৌহদতে ভাৰাতীয়া হিচাপে থাকে স্থানীয় এ জি নার্ছিং হোমৰ কেইবাগৰাকী নার্ছ৷ তাৰে এগৰাকী নার্ছৰ শৰীৰত ক’ভিড–১৯ পজিটিভ পোৱাত জিলা প্রশাসনে যোৱা ১৪ জুলাইৰ পৰা ২৭ জুলাইলৈকে চৌহদটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি তাৰ বাসিন্দাসকলক ওলোৱা–সোমোৱা নিষিদ্ধ ঘোষণা কৰে৷ সেই অনুসৰি মৃত যোগেশ হালৈৰ লগতে ভালেকেইটা পৰিয়াল তাত বন্দী হৈ পৰে৷ আৰক্ষী সূত্রটোৱে প্রকাশ কৰা অনুসৰি, পুৱা ন বজাত নলবাৰীত থকা পত্নীৰ সৈতে কথাও পাতিছিল যোগেশ হালৈয়ে৷ কিন্তু কথা পাতি থকা অৱস্থাতে মাত–বোল বন্ধ হৈ পৰে৷ পত্নীয়ে বাৰে বাৰে ফোন কৰিও স্বামীৰ সৈতে যোগাযোগ কৰিব নোৱাৰি জিতু হালৈৰ পত্নীক কথাটো অৱগত কৰে৷ লগে লগে ঘৰৰ মালিকনীয়ে নির্দিষ্ট কোঠালিটোলৈ গৈ দেখে যে ভিতৰত টি ভি বাজি আছে যদিও দুৱাৰখন ভিতৰৰ পৰা বন্ধ৷ খিৰিকীৰে যোগেশ হালৈক বিছনাত ওপৰলৈ মূৰ কৰি শুই থকা প্রত্যক্ষ কৰে৷

বহুবাৰ মতাৰ পাছতো কোনো সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়া হয় আৰু পাছত চিকিৎসাকর্মীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও পৰিয়ালৰ মানুহ বর্তমানো আহি নোপোৱাত আজি মৰণোত্তৰ পৰীক্ষা বর্তমানো হৈ উঠা নাই৷ আৰক্ষীৰ মতে, এয়া আত্মহত্যা নহয় যদিও মৃত্যুৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই৷ স্থানীয় একাংশৰ মতে, লকডাউনৰ বাবে তেওঁ কিছুদিন হতাশাত ভুগি আছিল, তাতে তেওঁ থকা ঘৰৰ চৌহদটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰাত অধিক হতাশগ্রস্ত হৈয়ে আত্মহত্যাৰ পথ বাছি লোৱা বুলিও আশংকা কৰিছে একাংশই৷

You might also like