পথাৰে পথাৰে ঘাম নিগৰাইছে অগণিত যুৱক–যুৱতীয়েঃ আৰক্ষীত চাকৰিৰ স্বপ্নৰে উতলা ৰাজ্যৰ যুৱপ্রজন্ম
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: চলিত বর্ষত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰে ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসমৰ শিক্ষিত নিবনুৱাসকল৷
এই এক লাখ নিযুক্তিৰ ভিতৰত আছে অসম আৰক্ষীৰ খালী পদসমূহো৷ অসম আৰক্ষীত হ’ব লগা নিযুক্তি প্রক্রিয়াত অংশগ্রহণৰ উদ্দেশ্যে নলবাৰীৰ দাহুদীত শাৰীৰিক অনুশীলনত নামি পৰা দেখা গৈছে একাংশ শিক্ষিত নিবনুৱা যুৱক–যুৱতী৷
শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিশ্বজিৎ ভূঞাৰ নেতৃত্বত বিনামূলীয়াকৈ যুৱক–যুৱতীসকলে পুৱা আৰু সন্ধিয়া শৰীৰ চর্চা অব্যাহত ৰাখিছে৷ লক্ষ্য জনহিতার্থে অসম আৰক্ষীত যোগদান কৰা৷ ইতিমধ্যে অসম আৰক্ষীত যোগদান কৰাৰ বাবে যি শাৰীৰিক আৰু লিখিত পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব, তাৰ বাবে সকলো প্রস্তুতি চলাইছে৷ দৈনিক দৌৰা, লং জাম্প আদি শৰীৰ চর্চা অব্যাহত ৰখা হৈছে নলবাৰী জিলাৰ দাহুদীৰ খেলপথাৰত৷ ৬০ৰো অধিক যুৱক–যুৱতীক বিগত এমাহৰ অধিক সময় শিক্ষক বিশ্বজিৎ ভূঞাই শৰীৰ চর্চা শিকাবলৈ পাই অত্যন্ত সুখী বুলি নিজৰ অনুভৱ ব্যক্ত কৰে৷