পদব্রজে পশ্চিমবংগমুখী ২১জন শ্রমিকক হোজাইত আটক
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লকডাউনৰ বাবে অসমত আবদ্ধ হৈ থকা বহিঃৰাজ্যৰ শ্রমিক খাদ্য সংকটত পৰিছে৷ যাৰ বাবে একাংশ শ্রমিকে ভোকে–পিয়াহে খোজকাঢ়ি গোপনে গৃহ ৰাজ্যলৈ যোৱাত ব্রতী হৈছে৷ আজি অসমৰ পৰা পশ্চিমবংগৰ নিজ গৃহলৈ গৈ থকা ২১জন শ্রমিকক হোজাই আৰক্ষীয়ে আটক কৰে৷ খাদ্য সংকটত পৰি শিলচৰৰ পৰা হোজাই হৈ পশ্চিমবংগৰ মালদালৈ খোজকাঢ়ি গৈ আছিল এই ২১জন শ্রমিক৷ শিলচৰত টাৱাৰৰ কামত নিয়োগ থকা শ্রমিকসকলে বিগত পাঁচ দিন ধৰি ৰে’লপথেৰে খোজকাঢ়ি যাত্রা আৰম্ভ কৰি আজি হোজাইত উপস্থিত হয়হি৷ সেই সময়তে হোজাই আৰক্ষীয়ে শ্রমিকসকলক আটক কৰে৷ পিছত শ্রমিকসকলক স্বাস্থ্য পৰীক্ষাৰ বাবে হোজাই চিকিৎসালয়ত ভর্তি কৰায়৷ ভোকে–লঘোনে যাত্রা কৰা শ্রমিকসকলক হোজাইৰ একাংশ লোকে খাদ্যৰ যোগান ধৰিছে৷ ইফালে শ্রমিকসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ পশ্চিমবংগ চৰকাৰক আহ্বান জনাইছে৷