পলাশবাৰীৰ ফটুৰীত দুৰাৰোগ্য ৰোগত আক্ৰান্ত মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰিলে গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ প্ৰণৱ কলিতাই
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ফটুৰীত দীৰ্ঘদীন ধৰি এগৰাকী মহিলাৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল । উক্ত খবৰ লাভ কৰি যোৱাকালি পলাশবাৰী সমষ্টিৰ ফটুৰিৰ টাইজিৰ আলিৰ ঘৰত উপস্থিত হয় গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ তথা যুৱনেতা প্ৰণৱ কলিতা।
টাইজিৰ আলিৰ পত্নী আৰ্জিনাৰা বেগম আজি কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰন্ত হৈ আছিল। আৰ্থিকভাৱে পিছপৰা পৰিয়ালটোক সহায় কৰিবলৈ ফটুৰিৰ উদিয়মান সংঘৰ কিছু সদস্যই গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষক অৱগত কৰিছিল। সেয়ে যোৱাকালি যুৱনেতা প্ৰণৱ কলিতাই আৰ্জিনাৰা বেগমক চিকিৎসাৰ বাবে আৰ্থিক ভাৱে সহায় কৰে। লগতে যুৱনেতা প্ৰণৱ কলিতাৰ এনে মানৱ সেৱা কৰ্মৰ শলাগ লৈ ফটুৰিৰ উদিয়মান সংঘৰ সদস্য সকলে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ।