পলাশবাৰীৰ বৰটাৰীত প্ৰায় ৩ হেজাৰ বিঘা কলখেতি বানপানীত নষ্ট
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : কৰোনা মহামাৰীৰ বাবে পাঁচ মহীয়া লকডাউনৰ ফলত সৰ্বত্ৰে জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ ৷ বিশেষকৈ খাটিখোৱা লোক সকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে ৷ কৰোনা মহামাৰীৰ ফলত একাংশ লোকৰ অবস্থা একেবাৰে শোচনীয় হৈ পৰাৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি তিনিবাৰকৈ অহা বানপানীয়ে সৰ্বস্বান্ত কৰিলে বহু লোকক ৷
বানপানীয়ে ঠান বান কৰি দিলে বহু কৃষকৰ সপোন ৷ বিশেষকৈ দক্ষিণ কামৰূপৰ বৰটাৰী গাঁৱৰ শ শ কল খেতিয়কক এইবাৰ কৰোনা মহামাৰী আৰু বানপানীয়ে বাৰুকৈয়ে ৰাম টাঙোন শোধালে ৷ বৃহত্তৰ গাঁও খনৰ কল খেতিয়ক সকলে এইবাৰ লকডাউনৰ বাবে কল বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাগানতে কল পকি সৰি যোৱাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল। লকডাউন শিঠিল হোৱাৰ পিছত কল বিক্ৰী আৰম্ভ হোৱাত কৃষক সকলৰ মুখলৈ হাঁহি আহিছিল যদিও তিনিটাকৈ বানপানীয়ে কল সকলৰ মুখৰ হাঁহি কাঢ়ি নিয়াই নহয় কৃষক সকলৰ জীৱনলৈ আনিলে চৰম অনিশ্চয়তা ।
উল্লেখযোগ্য যে বৰটাৰী গাঁৱৰ শ শ কৃষকে ব্ৰহ্মপুত্ৰৰ চাপৰিত কেইবা হেজাৰ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি এক কৃষি বিপ্লৱৰ সূচনা কৰিছিল ৷ এই কল ব্যবসায়ৰ জৰিয়লে বহু নিবনুৱা যুৱকে সংস্থাপন লাভ কৰাৰ লগতে বহু পৰিয়াল পোহ পাল গৈ আছিল ৷ কিন্ত এইবাৰ কৰোনাৰ বাবে যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে শেহতীয়াকৈ হোৱা ব্ৰহ্মপুত্ৰৰ তিনিটা বাঢ়নী পানীত কল গছ বোৰ বুৰ যোৱাত কল গছবোৰ মৰহি যাবলৈ ধৰিছে ৷ কৃষক সকলে জনোৱামতে পানীৰ তলত কিছুদিন বুৰ গৈ থাকিলেও সাধাৰণতে কলবোৰ মৰহি নাযায় যদিও এইবাৰ একেলেথাৰিয়ে অহা তিনিটাকৈ বানপানীত বহুদিন ধৰি কল গছবোৰ পানীত বুৰ গৈ থকাৰ পিছত এইবাৰ কলগছ বোৰ পানী শুকুওৱাৰ পিছত মৰি যাবলৈ ধৰিছে ৷ কৃষক সকলে জানিবলৈ দিয়ামতে বৰ্তমান প্ৰায় তিনিহেজাৰমান বিঘা মাটিৰ কল গছবোৰ মৰহি গৈ পানীত পৰি গৈছে ৷ যাৰ ফলত এইবাৰ কলৰ উৎপাদন প্ৰায় বন্ধ হৈ পৰিল ৷ উক্ত মাটি সমূহত আৰু নতুনকৈ কল গছ ৰোপণ কৰি উৎপাদন কৰালৈকে বহুখিনি কষ্ট আৰু ধন খৰছ হ’ব ।এনেয়ে লকডাউনৰ বাবে লোকচানৰ সন্মুখীন হৈছে আৰু তাৰ পিচত নতুনকৈ কলৰ খেতি কৰিবলৈ তেওঁলোকৰ হাতত এতিয়া আৰু ধন নাই ৷ সেয়েহে চৰকাৰ তথা কৃষি বিভাগক এই সকল কল খেতিয়কৰ বিষয়ে অলপ ভাবিবলৈ তথা সহায় সাহায্য আগবঢ়াবলৈ কৃষক সকলে চৰকাৰ তথা কৃষি বিভাগক অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে বানপানীত জুৰুলা হোৱা তথা কলগছ বোৰ মৰহি যোৱাৰ পিচত হতাশ হৈ পৰা বৰটাৰী গাঁৱৰ এই সকল কল খেতিয়কৰ খবৰ ল’বলৈ আজিলৈকে জনপ্ৰতিনিধি বা চৰকাৰী বিভাগৰ কাৰোৱেই সময় নহ’ল ৷ ৰাজ্যৰ কৃষি মন্ত্ৰীয়ে কৃষি বিভাগক এক চমক দিব বিচাৰি বেণ্ড এম্বেছাদৰ হিচাপে কন্ঠ শিল্পী জুবিন গাৰ্গক নিযুক্ত কৰিছে যদিও কৃষকৰ প্ৰকৃত সমস্যাৰ সমাধান কৰাৰ বাবে যে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া বৰটাৰীৰ কল ব্যবসায়ী সকলৰ দুদৰ্শাই জল জল পট পটকৈ প্ৰমাণ কৰি দেখুবাইছে ৷