নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কার্বি আংলং জিলা আজিৰে পৰা ১৫ জুলাইলৈ লকডাউন

নিয়মীয়া বাৰ্তা, ৮ জুলাই: কামৰূপ (মেট্র’), ডিমা হাছাও, যোৰহাট জিলাৰ পাছত এইবাৰ পশ্চিম কার্বি আংলং জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে৷ অন্যান্য জিলাৰ দৰে পাহাৰীয়া জিলা পশ্চিম কার্বি আংলঙতো ক’ভিড–১৯ৰ গণ সংক্রমণ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিততে কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা অহা ১৫ জুলাইৰ পুৱা ৭ বজালৈ লকডাউন ঘোষণা কৰিছে৷ জিলা উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীৰ অধ্যক্ষ চৈয়দ ইছফাকুৰ ৰহমানে আজি এক নির্দেশযোগে জিলাখনৰ হামৰেণ পৌৰসভা, বৈঠালংছ’ পৌৰসভা, ডংকামোকাম পৌৰসভা আৰু খেৰাধ আৰক্ষী থানা অঞ্চলত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে৷ ইপিনে, কার্বি আংলং স্বায়ত্ত পৰিষদৰ তিনিগৰাকী কার্যবাহী সদস্য (ই এম) আৰু এগৰাকী এম চি এ ক’ৰোনাত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত প্রশাসনে তিনি দিনৰ বাবে কার্বি আংলং স্বায়ত্ত পৰিষদ সচিবালয় বন্ধ কৰি দিছে৷

উল্লেখ্য যে যোৱা শনিবাৰে স্বায়ত্ত পৰিষদখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কার্যবাহী সদস্য খৰছিং ৰংপিৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰ পাছতেই কালি স্বায়ত্ত পৰিষদখনৰ কৃষি, জলসম্পদ, ৰাজহ বিভাগৰ দায়িত্বত থকা কার্যবাহী সদস্য অমৰছিং টিছ’, মীন বিভাগৰ কার্যবাহী সদস্য ৰূপছিং টেৰণৰ দেহতো ক’ৰোনা পজিটিভ ধৰা পৰে৷ সেইদৰে কালিৰ দিনটোতে স্বায়ত্ত পৰিষদখনৰ এম এ চি ৰামছিং তিছুও ক’ভিড–১৯ত আক্রান্ত হয়৷ আনকি কার্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী–পুত্রও ক’ভিডত আক্রান্ত হৈছে৷ অৱশ্যে মুখ্য কার্যবাহী সদস্য ৰংহাঙৰ ছোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে৷

You might also like