পাঠশালা সাহিত্য সভা ভৱনৰ আধাৰশিলা স্থাপন কৰি পঞ্চায়ত মন্ত্ৰী ৰণজিৎ দাসৰ ঘোষণা
কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল উপাধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰত ধেমাজী জিলা আৰু বজালী উন্নয়ন খণ্ড প্ৰথম
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অসমৰ এখন জিলা আৰু দুটাকৈ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ আশা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিছে।কেন্দ্ৰীয় চৰকাৰৰ পৰা ভাল কামৰ বাবে তেওলোকক পুৰস্কৃত কৰা হৈছে। এই মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি পাঠশালাত মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ বানে গৰকা জিলা হিচাপে পৰিচিত ধেমাজিয়ে এইবেলি এক নতুন পৰিচয় লাভ কৰিবলৈ সক্ষম হ’ল৷ ধেমাজি জিলাই কেন্দ্ৰীয় চৰকাৰৰ জিলা পৰ্যায়ত ৫০ লাখ টকা সহ “দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ, ২০২২” লাভ কৰি অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত এয়া আমাৰ বাবে অতিকৈ সুখৰ খবৰ বুলি ব্যক্ত কৰি তেওঁ আৰু কয়, “অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনন্দৰ বন্যা নমাই অনা কাৰ্যই আমাক বাৰুকৈ উৎসাহিত কৰিছে৷ কাৰণ ধেমাজি জিলাৰ উপৰি অসমৰ ভিতৰতে নৱগঠিত বজালী জিলাৰ অন্তৰ্গত বজালী উন্নয়ন খণ্ড আৰু ডিব্ৰুগড় জিলাৰ জয়পুৰ ব্লক পঞ্চায়তে ২৫ লাখ কৈ টকা সহ “দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ ২০২২ ” লাভ কৰিবলৈ সক্ষম হৈছে৷
আজি পাঠশালাৰ সাহিত্য সভাৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমক এনেদৰে কয়, ” উক্ত বঁটাকেইটাৰ উপৰি বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১১ নং বজালী আঞ্চলিক পঞ্চায়তে শ্ৰেষ্ঠ উন্নয়ন খণ্ড/আঞ্চলিক পঞ্চায়তৰ পুৰস্কাৰ লাভ কৰি নগদ ২৫ লাখ টকাৰে পুৰস্কৃত হ’বলৈ সক্ষম হৈছে৷ অকল এয়াই নহয় বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত মুগুৰীয়া গাওঁ পঞ্চায়তে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰেষ্ঠ “শিশু-বান্ধৱ গাঁও পঞ্চায়ত বঁটা ২০২২” লাভ কৰি ৫ লাখ টকাৰ লাভ কৰাৰ সমান্তৰালকৈ টিহু-দেখাটা পঞ্চায়তে “গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) বঁটা, 2022″ ৰ শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰি ১০ লাখ টকাৰে পুৰস্কিত হৈ গৌৰৱ বুলিবলৈ সক্ষম হৈছে৷” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ চেষ্টাত দ্ৰুত উন্নয়ন হৈছে৷ যাৰ বাবে ৰাজ্যখনত পঞ্চায়তসমূহে এনেধৰণে আশাৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
আনহাতে কামৰূপ জিলাৰ ডিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নৰটাব গাওঁ পঞ্চায়ত, তিনিচুকীয়া জিলাৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত তলপ গাওঁ পঞ্চায়ত আৰু মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘজাপ গাওঁ পঞ্চায়তেও এই “দীনদয়াল উপধ্যায় পঞ্চায়ত স-শক্তিকৰণ পুৰস্কাৰ ২০২২ ” লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ “নেতাজী দেশমুখ ৰাষ্ট্ৰীয় গৌৰৱ গ্ৰাম সভা পুৰস্কাৰ, ২০২২” ৰ বাবে কামৰূপ জিলাৰ ডিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱাৰী গাওঁ পঞ্চায়তখন উজলি উঠাত আন এক সুকীয়া গৌৰৱৰ কাৰণ হৈ উঠিছে৷ উল্লেখ্য যে প্ৰতি বছৰে ২৪ এপ্ৰিলত সমগ্ৰ দেশতে পঞ্চায়ত দিৱস পালন কৰা হয়৷ আৰু এইবেলিৰ পঞ্চায়ত দিৱসৰ প্ৰাকক্ষণত দেশৰ বিভিন্ন পঞ্চায়তসমূহৰ যোগ্যতাৰ ভিত্তিত বঁটাসমূহ ঘোষণা কৰা হৈছে৷ অহা ২৪ এপ্ৰিলত এক গৌৰৱময় মূহুৰ্তক সাক্ষী কৰি জম্মু কাশ্মীৰৰ চাম্বা জিলাৰ পল্লী গাওঁ পঞ্চায়তত ‘ৰাষ্টীয় পঞ্চায়তী ৰাজ দিৱস (NPRD-2022)ৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া গাওঁ সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উক্ত পুৰস্কাৰ সমূহ প্ৰদান কৰিব৷
আজি পাঠশালা সাহিত্য সভাৰ নতুনকৈ নিৰ্মাণ হ’বলগীয়া ভৱনটিৰ ভূমি পূজন কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰি মন্ত্ৰী দাসে কয় যে ১৯৬২ চনত স্থাপিত পাঠশালা সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি আদিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বৰ্তমানলৈকে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। পাঠশালাবাসীৰ জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন স্বৰূপ পাঠশালা সাহিত্য সভাৰ এই নিৰ্মাণ হ’বলগীয়া ভৱনটিয়ে অনাগত দিনত অসমীয়া ভাষা আৰু সাহিত্য সংস্কৃতিৰ উত্তৰণত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে বিশ্বাসপূৰ্ণভাৱে মন্তব্য কৰে৷
প্ৰেৰকঃ কল্যাণ কলিতা