নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণ্ডুৰ নিউ ক’লনী বেতকুছিক কনটেইনমেণ্ট জ’ন ঘোষণা

নিয়মীয়া বার্তা, ৩১ মে’: ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পাণ্ডুত এগৰাকী ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত সমগ্র অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে৷ মাৰাত্মক ক’ৰোনাত আক্রান্ত ব্যক্তিগৰাকী হ’ল পাণ্ডুৰ নিউ কলনীৰ বাসিন্দা বিক্রম সিং৷

প্রাপ্ত তথ্য অনুসৰি, যোৱা ২৬ মে’ত সিং আগৰতলাৰ পৰা উভতি আহিছিল৷ শিলচৰৰ পৰা তেওঁ ৰে’লেৰে আহি গুৱাহাটীত উপস্থিত হয়৷ ক’ৰোনাত আক্রান্ত সিঙৰ সংস্পর্শলৈ আন বহু লোক অহাৰ আশংকা কৰা হৈছে৷ ইপিনে, সিং ক’ৰোনা আক্রান্ত হোৱাটো ধৰা পৰাৰ পাছতে সমগ্র অঞ্চলটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্রশাসনে৷ এক নির্দেশযোগে পাণ্ডুৰ ৰে’লৱে নিউ কলনী কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ এই কনটেইনমেণ্ট জ’নৰ ভিতৰত উত্তৰে ৰে’লৱে কলনী কোৱার্টাৰ, দক্ষিণে নিউ কলনী ৰোড, পূবে জয়হিন্দ ক্লাব আৰু পশ্চিমে ৰে’লৱে কলনী ৰোডক সামৰি লোৱা হৈছে৷ পৰৱর্তী নির্দেশনা জাৰি নকৰা পর্যন্ত এই অঞ্চলটোত কোনো লোকে প্রৱেশ অথবা প্রস্থান কৰিব নোৱাৰিব৷

তদুপৰি কামৰূপ মহানগৰ জিলা প্রশাসনে সমগ্র অঞ্চলটো ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে৷ সমান্তৰালভাৱে কলনীটোত বাস কৰা ২৮টা পৰিয়ালৰ ১৩০জন ব্যক্তিক স্বাস্থ্য পৰীক্ষা কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷ শীঘ্রে আক্রান্ত ব্যক্তিজনৰ সংস্পর্শলৈ অহা ব্যক্তিসকলৰ ছোৱাবৰ নমুনা সংগ্রহ কৰাৰ সম্ভাৱনা আছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আজি মহানগৰ জিলা প্রশাসনে দুটা অঞ্চলৰ কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰে৷ জিলা উপায়ুক্তই এক নির্দেশনাযোগে মহানগৰীখনৰ ৰুক্মিণীগাঁও আৰু কটাহবাৰীৰ কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰে৷ অৱশ্যে কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ হ’লেও স্বাস্থ্যবিধিসমূহ দুয়োটা অঞ্চলৰ বাসিন্দাই পালন কৰিব লাগিব৷ ইপিনে, ক’ভিড–১৯ৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে আজি ‘বেতকুছি’ক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

প্রশাসনে উত্তৰে আই’চিএল বেতকুছি কেম্পাছ, দক্ষিণে সুশীল তামুলীৰ বাসগৃহ, পূবে ব্রীজমোহন দাসৰ বাসগৃহ আৰু পশ্চিমে মণিৰাম দেৱান ট্রেড চেণ্টাৰ চাৰিসীমা নির্ধাৰণ কৰি কনটেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰে৷ দ্য আছাম ক’ভিড–১৯ ৰেগুলেচন ২০২০ৰ অধীনত জিলা প্রশাসনে আজি নিশা ১২ বজাৰ পৰা কনটেইনমেণ্ট জ’ন কার্যকৰী কৰাৰ লগতে পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত অঞ্চলটো কনটেইনমেণ্ট জ’ন হিচাপে থাকিব বুলি উল্লেখ কৰে৷

You might also like