পান খেতিৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে উচ্চ শিক্ষিত যুৱক চন্দ্ৰ সোণোৱালে
নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নিৱনুৱা সকলে চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই অসংখ্য নিৱনুৱাই হতাশাত দিন কটাই থকা সময়তে উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো চৰকাৰী চাকৰিৰ প্ৰতি মোহ এৰি কৃষিকৰ্মত জড়িত হৈ স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে এগৰাকী নিৱনুৱা যুৱকে। ধেমাজি জিলাৰ জোনাই মহকুমাৰ ডেকাপাম গাওঁ পঞ্চায়তৰ নাহৰণি গাঁৱৰ যাদৱ সোনোৱালৰ জ্যেষ্ঠ পুত্ৰ চন্দ্ৰকান্ত সোনোৱালে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে পান খেতিৰে। ২০০৮ চনত স্নাতক ডিগ্ৰী লাভ কৰা চন্দ্ৰকান্ত সোনোৱালে দহ বছৰৰ পূৰ্বৰ পৰাই পিতৃৰ বাৰী মাটিত পান খেতি কৰিবলৈ লয়। প্ৰথম অৱস্থাত পাঁচশ জোপা খুটি পানৰ বাৰী পাতি কৃষিকৰ্মত নিয়োজিত হয় নিৱনুৱা যুৱক চন্দ্ৰকান্ত সোনোৱালে। তাৰ পাছৰ পৰাই পান বাৰীৰ পৰিসৰ বৃদ্ধি কৰিবলৈ মনস্থ কৰে। বৰ্তমান চন্দ্ৰকান্ত সোনোৱালৰ দুহেজাৰ জোপা খুটি পান আছে পান বাৰীত। প্ৰথম বছৰ কেইটাত ছল্লিশ হাজাৰৰ পৰা ষাঠি হাজাৰ টকা পৰ্যন্ত আয় উপাৰ্জন কৰি শেহতীয়া বছৰবোৰত দুই লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। পান খেতিৰ উপাৰ্জনৰ টকাৰে এখন মটৰ চাইকেল, এখন হেণ্ড ট্ৰেক্টৰ,পকীঘৰ নিৰ্মাণ কৰিছে উচ্চ শিক্ষিত নিৱনুৱা যুৱক চন্দ্ৰকান্তই। দৈনিক চাৰি,পাঁচজন শ্ৰমিকক পান খেতিৰ কামত নিয়োজিত কৰি আহিছে উদীয়মান যুৱ খেতিয়ক গৰাকীয়ে। নিজক স্বাৱলম্বী কৰি তোলাৰ লগতে আন শ্ৰমিকৰো আয় উপাৰ্জনৰ পথ উলিওৱা চন্দ্ৰকান্ত সোনোৱালৰ উৎপাদিত পান চিমেন চাপৰি, চিলাপথাৰ,ডিব্ৰুগড় আদি ঠাইলৈ ৰপ্তানি হয়।
বৰ্তমান প্ৰতিগুছি পান খুচুৰা বজাৰত বিশ টকাকৈ বিক্ৰী হয় যদিও পাইকাৰী দৰত ঘৰৰ পৰাই প্ৰতিগুছি পানত চৈধ্য, পোন্ধৰ, ষোল্ল টকা দামত বিক্ৰী কৰি আহিছে। উন্নত আৰু ব্যৱসায়িক ভিত্তিত পান খেতি কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰাই ঘৰুৱাভাৱে প্ৰশিক্ষণ লোৱা চন্দ্ৰকান্ত সোনোৱালে সময় নষ্ট কৰি হাবাথুৰি খাই ফুৰা নাই চৰকাৰী চাকৰি বিচাৰি। কষ্ট, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কৃষিকৰ্মত আত্মনিয়োগ হৈ স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে উচ্চ শিক্ষিত যুৱক গৰাকী। স্নাতক ডিগ্ৰী থাকিও কৃষিকৰ্মত জড়িত হোৱাৰ পাছতো আজিকোপতি অসম চৰকাৰৰ কৃষি বিভাগ, পঞ্চায়ত অথবা স্ব-গোষ্ঠীয় সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পৰাও ফুটা কড়ি এটাও লাভ কৰা নাই উদীয়মান যুৱ কৃষক গৰাকীয়ে। কিন্তু অসম চৰকাৰে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে আৰু এচাম স্বাৰ্থনেষীয়ে কৃষিকৰ্মত জড়িত নোহোৱা ভূৱা কৃষকৰ নাম হিতাধীকাৰী সজাই চৰকাৰৰ আঁচনিত অন্তৰ্ভুক্ত কৰি সুবিধা আগবঢ়াই গৈছে। উন্নত ধৰণে পান খেতি কৰিবলৈ সাৰ,ঔষধ,পানী যোগান আৰু অন্যান্য যাৱতীয় কৃষি সঁজুলি আদিৰ প্ৰয়োজন। শীতকালত কুৱলী,হিমৰ পৰা বাচিবলৈ পান বাৰীত উন্নত প্ৰযুক্তিৰ সেউজীয়া ঘৰ,নৰা,কঁহুৱা, বাঁহৰ দ্বাৰা নিৰ্মিত ঘৰৰ প্ৰয়োজন হয়। তেনে ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে কৃষি বিভাগ অথবা স্বায়ত্তশাসিত পৰিষদে যাৱতীয় আঁচনি গ্ৰহণ কৰি প্ৰগতিশীল কৃষকক সুবিধা প্ৰদান কৰিব লাগে যদিও সেইয়াও কৰা পৰিলক্ষিত হোৱা নাই। নিৱনুৱা সমস্যা তীব্ৰ ৰূপত গা কৰি উঠা সময়ত কৃষিকৰ্মৰে স্বাৱলম্বীতাৰ পথ দেখুওৱা চন্দ্ৰকান্ত সোনোৱালে শিক্ষিত নিৱনুৱা যুৱক সকলক চৰকাৰী চাকৰিৰ পাছত লাগি মূল্যৱান সময় নষ্ট নকৰি কৃষিকৰ্মত মনোনিবেশ কৰি আৰ্থিকভাৱে টনকিয়াল হ’বলৈ আহ্বান জনাইছে।