পুতলা নাচৰ মাজত আছে সংস্কৃতিৰ শিপাঃ মন্ত্ৰী ৰঞ্জিত দাস
নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অধ্যাপক তথা চলচ্চিত্ৰ পৰিচালক ৰাজেন দাসৰ অভিনৱ প্ৰয়াসত বিগত দহদিনে পুতলাৰ এক মননশীল পৃথিৱীলৈ ৰূপান্তৰ হ’ল পাটাছাৰকুছিৰ সমীপৱৰ্ত্তী ভালুকীৰ কালদীয়া নদীৰ সেউজীয়া বাকৰি৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পুতলা নাট বিভাগৰ সহযোগত আৰু ৰাজেন দাসৰ নেতৃত্বত অসমৰ লোকসংস্কৃতিৰ এক বিলুপ্তপ্ৰায় কলা পুতলা নাচক গাৱে গাৱে জীয়াই ৰাখিবলৈ আগবাঢ়ি আহিল নতুন প্ৰজন্মৰ যুৱক যুৱতী৷ উল্লেখ্য যে “লাইফ ইন এ পাপেট“ চলচ্চিত্ৰৰ জৰিয়তে অসমৰ পুতলা নাচৰ শিল্পী সকলক পুনৰ উজ্বীৱিত কৰি তোলা পৰিচালক ৰাজেন দাসে এক বিশেষ গৱেষণালব্ধ প্ৰকল্পৰে গাওঁ অঞ্চলৰ নতুন প্ৰজন্মই যাতে এই লোককলাক জীয়াই ৰাখিবলৈ আগ্ৰহী হয় তাৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ সেই প্ৰচেষ্টাৰ অংশৰূপে যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা ভালুকীৰ কালদীয়াৰ পাৰত “নৱদ্বীপ“ৰ সেউজীয়া বাকৰিত নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ পুতলাৰ নিৰ্মাণ, নাট্য অভিনয় ,অসমত পুতলাৰ ইতিহাস আদি বিষয়ক লৈ গৱেষণামুলক কৰ্মশালা অনুষ্ঠিত হয়৷প্ৰাকৃতিক পৰিৱেশত পুতলাৰ জগতখনলৈ আকৰ্ষিত হৈ নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলো ওলাই আহে পুতলা নাচক জীয়াই ৰাখিবলৈ৷
উল্লেখ্য যে ৰাজেন দাসৰ প্ৰচেষ্টাত পুৰণি পুতলা নাচৰ একাংশ শিল্পীয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিবলৈ ওলাই আহে আৰু কালদীয়া বাকৰিত এই গৱেষণালব্ধ প্ৰকল্পৰ অংশীদাৰ হয়৷প্ৰকল্পৰ অংশ দহদিনীয়া এই কৰ্মশালা ১৫ ফেব্ৰুৱাৰী নিশা সামৰণি পৰে৷সামৰণি অনুষ্ঠানত নতুন আৰু পুৰণি দুয়োটা প্ৰজন্মৰ উদ্যোগত ৰাজেন দাস ৰচিত ”জোন তৰা আৰু বিষাক্ত মকৰা “ শীৰ্ষক এখন পুতলা নাট মঞ্চস্হ কৰা হয়৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে সজাগতা এই নাটৰ মুল বিষয়৷ উল্লেখ্য যে কালদীয়া বাকৰিৰ পুতলাৰ এই জগতখন প্ৰত্যক্ষ কৰিবলৈ ১৫ ফেব্ৰুৱাৰী সন্ধিয়া প্ৰকৃতিৰ মাজত নিৰ্মাণ কৰা পুতলা ক্ষেত্ৰত সমবেত হয় শতাধিক দৰ্শক ৰাইজ৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাজেন দাসৰ এই প্ৰচেষ্টাক শলাগ লোৱাৰ লগতে পুতলা নাচত অসমৰ লোকসংস্কৃতিৰ শিপা সোমাই আছে বুলি মন্তব্য কৰে৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসমক পুতলা নাচক লৈ বিশ্ববিদ্যালয়তগৱেষণা কৰি থকা ছাত্ৰছাত্ৰী সকলকো উৎসাহিত কৰে৷ অনুষ্ঠানত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিধৰ ৰয় আৰু কেন্দ্ৰীয় সহসম্পাদক হিমাদ্ৰী শৰ্মাই অংশগ্ৰহণ কৰি পুতলা নাচক জীয়াই ৰখাৰ বাবে অসম নাট্য সন্মিলনৰ তৰফৰ পৰা সম্পূৰ্ণ সহায় সহযোগৰ আশ্বাস দিয়ে৷ এনেধৰণৰ উদ্যোগ গাওঁ অঞ্চলত সফলভাৱে ৰুপায়িত হোৱাটো ইতিবাচক দিশ বুলি মন্তব্য কৰে৷ অসম চৰকাৰৰ পৰিবেশ আৰু বন মন্ত্ৰণালয়ৰ ব্ৰ্যাণ্ড এম্বেছেদৰ আনন্দ খাটনিয়াৰ , লোকশিল্পী তথা শিল্পী পেন্সনাৰ বসন্ত পাটগিৰি ,সাংস্কৃতিক উন্নয়ন বিষয়া প্ৰাণজিৎ পাঠক,পুতলা বিশেষজ্ঞ তথা প্ৰশিক্ষক অকণ ডেকা আদি বিশিষ্ট ব্যক্তি সকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিভূত হৈ পৰা বুলি মন্তব্য কৰে৷ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় নৱদ্বীপৰ সঞ্চালক মিনাক্ষী দাসে৷ আনহাতে প্ৰকল্পৰ অন্তৰ্গত “জোন তৰা আৰু বিষাক্ত মকৰা “ শীৰ্ষক পুতলা নাটখন প্ৰকৃতিৰ মাজত সজাই লোৱা মঞ্চত উপস্থাপন কৰা হয়৷ বহুসংখ্যক দৰ্শকে নাটখন উপভোগ কৰাৰ লগতে নতুন প্ৰজন্মইও পুতলা নাটৰ প্ৰতি আগ্ৰহী হোৱাত সন্তোষ প্ৰকাশ কৰে৷
উৎপল মেধি