নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আলফা স্বাধীনলৈ নগাঁৱৰ ৩ যুৱক

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ নগাঁৱত পুনৰ আলফা স্বাধীনলৈ তিনি যুৱক। কামপুৰ পটিয়াপামত তিনিজন যুৱক আলফালৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। আটাইকেইজন ম্যানমাৰ শিবিৰত যোগদান কৰাৰ সন্দেহ। কৰ্মসূত্ৰে তিনিও গৰাকী যুৱক কামপুৰৰ পৰা বাহিৰত থাকি এক সপ্তাহ পূৰ্বে ঘৰলৈ আহি ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। জানিব পৰা মতে সুভাষ হীৰাই পৰিয়ালৰ লোকক বাৰ্থদে পাৰ্টীত অংশগ্ৰহণ কৰিব যাওঁ বুলি আলফাত যোগদান কৰিছে বুলি নিশ্চিত হৈছে পৰিয়ালৰ লোক। তিনি যুৱকক্ৰমে কামপুৰ পটীয়াপামৰ প্ৰবিন বৰা আৰু ৰীণা বৰাৰ কনিষ্ঠ পুত্ৰ তন্ময় বৰা(১৯) কামপুৰ বনপালি গাঁৱৰ যুৱক দীপাংকৰ গোৱালা(২৫) আৰু নতুন আদৰ্শ গাঁৱৰ সুভাষ হীৰা(২৫)। সুভাষ হীৰা ঘৰৰ একমাত্ৰ সন্তান আছিল। আনহাতে যুৱক তিনিজনক লৈ এতিয়া শোঁকাকুল পৰিবেশে বিৰাজ কৰিছে পৰিয়াল তিনিটাৰ লগতে সমগ্ৰ অঞ্চলত। উল্লেখযোগ্য যে যুৱক তিনিজনৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে আলাফা প্ৰধান পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ পুত্ৰক ঘৰলৈ ঘূৰাই আনিবৰ বাবে আহ্বান জনাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে।

You might also like