পুনৰ বিতর্কৰ আৱর্তত নলবাৰী জিলা কাৰাগাৰ; কাৰাবন্দীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ এটাৰ পিছত আন বিতর্কই লগ নেৰা নলবাৰী জিলা কাৰাগাৰত পুনৰ ঘটিল আন এক অঘটন৷ কাৰাবন্দীক নিম্নমানৰ খাদ্য সামগ্রী যোগানকে ধৰি বিভিন্ন অনিয়মত লিপ্ত নলবাৰী জিলা কাৰাগাৰত কালি পুৱাৰ ভাগতেই এজন কাৰাবন্দীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কাৰাগাৰৰ ভিতৰত শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ হোৱা কাৰাবন্দীগৰাকী ৰঙিয়াৰ উত্তম ঘোষ বুলি জনা গৈছে৷
জানিব পৰা মতে, কোনো এক গোচৰত অভিযুক্ত ব্যক্তিগৰাকীয়ে ৭ ফেব্রুৱাৰীৰ পৰা নলবাৰী জিলা কাৰাগাৰত বন্দী হৈ আছিল৷ কাৰাগাৰ কর্তৃপক্ষৰ পৰা জানিব পৰা মতে, যোৱানিশা আহাৰ গ্রহণ কৰাৰ পিছত বিছনাত শুই থাকে খৰাকী কাৰাবন্দী উত্তম ঘোষ৷ আজি পুৱাৰ ভাগত কাৰাগাৰৰ কর্তব্যৰত কর্মচাৰীয়ে দুৱাৰ খোলাৰ পিছতহে উক্ত কাণ্ড পোহৰলৈ আহে৷ লগে লগে কাৰাগাৰত হুৱাদুৱা লগাত কিছু সময় পিছত দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃৃৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ কাৰাবন্দীগৰাকীৰ মৃত্যুৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্রাথমিক তদন্তত হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে৷
উল্লেখ্য যে বিতর্কই লগ নেৰা জিলা কাৰাগাৰত ইয়াৰ পূর্বেও আত্মহত্যাকে ধৰি অনুৰূপ কেইবাটাও কাণ্ড সংঘটিত হৈছিল৷ লক্ষণীয়ভাৱে ব্যাপক অনিয়মেৰে চলি থকা জিলা কাৰাগাৰখনত এগৰাকী জেইলৰ, দুগৰাকী সহকাৰী জেইলৰে কার্যনির্বাহ কৰি থকাৰ পিছতো নিশাৰ ভাগত ইয়াৰে এজনেও কাৰাগাৰ চৌহদত নথকা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷