নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩০ সংখ্যক শিশু সমাৰোহ সম্পন্ন

নিয়মীয়া বাৰ্তাঃ ২৪ জানুৱাৰীঃ অসমৰ অন্যতম শক্তিশালী আঞ্চলিক মইনা পাৰিজাত পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ ৩০ সংখ্যক শিশু সমাৰোহখনি আজি চুঙীলাহিঙত অৱস্থিত আঞ্চলিক কাৰ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । অৱশ্যে ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে সীমিত কাৰ্য্যসূচীৰে সমাৰোহখনি আয়োজন কৰা হয় । এই সমাৰোহখনত লাহিং, নকছাৰী, গাখীৰখোৱা আদি অঞ্চলৰ শিশুসকলে অংশ গ্ৰহণ কৰে । শিশু সকলৰ শৈক্ষিক, বৌদ্ধিক, মানসিক আদিৰ সৰ্বাঙ্গীন বিকাশৰ উদেশ্যে এই সমাৰোহ খন আয়োজন কৰা হৈছে । সেই অনুসৰি পুৱা সামূহিক চাফাই, আদৰণিৰ পাছত পতাকা উত্তোলন কৰে চুঙী লাহিং ৰূপৰেখা মইনা পাৰিজাতৰ মইনা শ্রুতিলেখা চুতীয়াই। নায়ক আছিল চুঙী লাহিং ৰূপশিখা মইনা পাৰিজাতৰ মইনা সুশান্ত বৰুৱা। শিশুসেৱক তথা পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সম্পাদক, শিক্ষাবিদ অলকানন্দ চুতীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অভিনন্দন গ্রন্থ “পথিকৃত” উন্মোচন কৰে নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ অলকানন্দ চুতীয়াই আৰু মুখপত্ৰ “আলোক” উন্মোচন কৰে বিশিষ্ট কবি ৰঞ্জিত গগৈয়ে । আনহাতে, এৰাগাঁও অংকুৰ মইনা পাৰিজাতৰ মইনা প্রিয়া চুতীয়াৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে আগচমুৱা নৱৰেখা মইনা পাৰিজাতৰ মইনা অঙ্গৰাগ গগৈয়ে। মুকলি সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট বিজ্ঞানী তথা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্বাবধায়ক ড° প্রণবজ্যোতি চেতিয়া, নিৰ্দিষ্ট বক্তা হিচাপে যোৰহাট নগৰ মইনা পাৰিজাতৰ মইনা আকাশজ্যোতি বৰদলৈ , বিশিষ্ট অতিথি হিচাপে দৰকিয়াল নবোদয় মইনা পাৰিজাতৰ চেমনীয়া ইয়াচিকুইন গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী, যোৰহাট জিলা মইনা পাৰিজাতৰ সভাপতি জয়ন্ত পুজাৰী , যোৰহাট জিলা মইনা পাৰিজাতৰ সাংগঠনিক সম্পাদক অঞ্জন বৰদলৈ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকি শিশু সকলৰ শৈক্ষিক সামাজিক, বৌদ্ধিক আদিৰ লগতে সৰ্বাঙ্গীন বিকাশৰ ওপৰত আলোকপাত কৰি সাৰুৱা বক্তব্য ৰাখি মইনা, মইনিসকলক উৎসাহিত কৰে। পূব যোৰহাট মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক তুলতুল শইকীয়াই আঁত ধৰা সভাখনত নকছাৰী জেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক ঘন লাহন, নকছাৰী প্রেছ ক্লাবৰ সম্পাদক প্রদীপ কুমাৰ গগৈ, জেষ্ঠ নাগৰিক সন্থাৰ বোদ্ধেশ্বৰ চুতীয়া, শিক্ষক ললিত গগৈ, শিক্ষক চহন কানু প্ৰমুখ্যে ব্যক্তি সকল উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইফালে, নকছাৰী দৰকিয়াল যুৱ সংঘত অনুষ্ঠিত সাংস্কৃতিক প্ৰতিযোগিতা, লাহিং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত সাহিত্য প্ৰতিযোগিতা আৰু চুঙী লাহি়ং খেল পথাৰত হোৱা ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক আজিৰ সভাতে মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়। বিয়লি পতাকা অৱনমনেৰে কাৰ্য্যসূচীৰ সামৰণি মৰা হয় ।

You might also like