পৌৰসভা নিৰ্বাচনক লৈ উথপথপ মৰিয়নিঃ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ নিৰ্দলীয় প্ৰাৰ্থীৰ দীঘলীয়া তালিকা
সমাধান হ'বনে নগৰৰ সমস্যা ?
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ মৰিয়নি পৌৰসভাৰ আসন্ন নিৰ্বাচনক লৈ শাসক বিৰোধীৰ সমানে সমানে নিৰ্দলীয় প্ৰাৰ্থীও তৎপৰ হৈ পৰিছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰতাও বৃদ্ধি পাইছে প্ৰাৰ্থী সমূহৰ মাজত । এইবাৰ মৰিয়নি পৌৰসভাৰ ৱাৰ্ডৰ সংখ্যা ১০ টালৈ বৃদ্ধি কৰা হ’ল । দহটা ৱাৰ্ডত এইবাৰ মুঠ ৩১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । মুঠ ৩২ গৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । ইয়াৰে সৰ্বাধিক ১৩ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী । আনহাতে, বিজেপিৰ ৯ গৰাকী, কংগ্ৰেছৰ ৮ গৰাকী আৰু অগপৰ এগৰাকী প্ৰাৰ্থী এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । নিৰ্দলীয় প্ৰাৰ্থীৰ অধিকাংশই বিসম্বাদী বিজেপি । তেওঁলোকে বিজেপি দলৰ পৰা ওলাই আহি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াকে লৈ বিজেপিৰ ভিতৰ চ’ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভূমিকাৰ প্ৰতিও আঙুলি তুলিছিল একাংশ দলীয় কৰ্মীয়েই । আগন্তুক পৌৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীয়ে বিজেপিক কিদৰে প্ৰত্যাহ্বান জনাই সেয়া সময়ে ক’ব যদিও বৰ্তমানে কেবাটাও ৱাৰ্ডত বিজেপি ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।
আনহাতে, নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ পূৰ্নোদ্যমএ নামি পৰিছে সপত্নীক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। যিকোনো প্ৰকাৰে নিজৰ পচন্দৰ প্ৰাৰ্থীক জয়ী কৰাই নিবলৈ যেন বিধায়ক কুৰ্মী বদ্ধ পৰিকৰ । ১ নং, ৪ নং, ৫ নং, ৮ নং, ৯ নং আৰু ১০ নং ৱাৰ্ডৰ প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে বিজেপি আৰু মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী । লক্ষণীয় যে, এই প্ৰত্যাহ্বান বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা আহিছে । ১ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰদীপ দাস, ৪ নং ৱাৰ্ডত নিৰ্দলীয় পিকলু ৰয়, ৫ নং ৱাৰ্ডত নিৰ্দলীয় ৰঞ্জুশ্ৰী দাস, ৮ নং ৱাৰ্ডত নিৰ্দলীয় গায়ত্ৰী চক্ৰৱৰ্তী, ৯ নং ৱাৰ্ডত নিৰ্দলীয় বিশ্বপ্ৰভা শইকীয়া আৰু ১০ নং ৱাৰ্ডত নিৰ্দলীয় বিজন মজুমদাৰ শক্তিশালী প্ৰাৰ্থী হিচাপে বিবেচিত হৈছে ।
অৱশ্যে বিজেপিয়ে এই প্ৰত্যাহ্বান উফৰাবলৈ উঠি পৰি লাগিছে আৰু তেওঁলোক সফল হ’ব বুলিও আশাবাদী । কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যাৰ নেতৃত্বতেই মৰিয়নি পৌৰসভা গঠন নহওক কিয়, মৰিয়নি নগৰৰ সমস্যাসমূহ সমাধান কিদৰে হ’ব । দীৰ্ঘদিন ধৰি জ্বলন্ত সমস্যাৰ মাজত জীয়াই থকা মৰিয়নি নগৰবাসীৰ এই সমস্যাসমূহ সমাধান কৰিব পৰাকৈ এখনো নগৰ সমিতি বা পৌৰসভা গঠন নহ’ল । নিৰ্বাচনৰ পূৰ্বে মিঠা মিঠা কথা কোৱাৰ লগতে বিভিন্ন প্ৰতিশ্ৰুতি দি ৰাইজক আভুৱা ভাৰাৰ পিছত জয়ী হ’লেই ৰাইজৰ সমস্যালৈ পিঠি দিয়া দেখা গ’ল বিগত সময়ৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ সমূহক । এইবাৰো নিৰ্বাচন আহিছে। আৰম্ভ হৈছে প্ৰলোভন আৰু ভুৱা প্ৰতিশ্ৰুতিৰ বন্যা । ইফালে, প্ৰাৰ্থীসকলে সৰু সৰু সভাৰ যোগেদি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে অধিকাংশ প্ৰাৰ্থীয়েই ভোটাৰৰ দুৱাৰে দুৱাৰে গৈ ভোট ভিক্ষা কৰা দেখা গৈছে । মুঠৰ ওপৰত এইবাৰেই বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে মৰিয়নি পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তকে লৈ এইবাৰ মৰিয়নি নগৰত উথপথপ পৰিস্থিতিৰ সৃষ্টি হৈছে ।