নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ধুবুৰীত ৰাজ্যিক নিৰ্বাচন আয়ুক্ত; ভোটকেন্দ্ৰ পৰিদৰ্শন

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ধুবুৰীলৈ অহা ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে আজি ধুবুৰীৰ আৱৰ্ত ভৱণৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী বা তেওঁলোকৰ এজেন্টৰ সৈতে এখন বৈঠকত মিলিত হয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয় নিৰ্বাচনৰ আদৰ্শ আচৰণবিধি মানি চলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে৷ ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক উদেশ্যি তেওঁ কয় যে লোকসভা বা বিধানসভা নিৰ্বাচনৰ দৰেই এই নিৰ্বাচনতো আদৰ্শ আচৰণবিধি কঠোৰভাৱে বলবৎ হ’ব৷ তেওঁ জাতি বা ধৰ্মৰ আধাৰত ভোট নিবিচাৰিবলৈ আৰু ব্যক্তিগত আক্ৰমণ বা অপবাদ কৰাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনায়৷ নিৰ্বাচন পৰিচালনা কৰাত ধুবুৰী জিলা প্ৰশাসনে লোৱা পদক্ষেপত বৈঠকত উপস্থিত থকা ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থী বা তেওঁলোকৰ এজেন্টসকলে সন্তুষ্টি প্ৰকাশ কৰে৷ ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় আৰু এশ শতাংশ ভোটদান নিশ্চিত কৰাত ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ যথেষ্ট ভূমিকা থকা বুলি মন্তব্য কৰে৷ জিলা উপায়ুক্তই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব বুলি জনায়৷ ভোটগ্ৰহণৰ সময়ত যাতে কোনোধৰণৰ অনাহুত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী অধীক্ষকৰ সৈতে সকলো বিষয় নিজে তদাৰক কৰিব বুলি মন্তব্য কৰে জিলা উপায়ুক্তগৰাকীয়ে৷ বৈঠকত ধুবুৰীৰ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীও উপস্থিত থাকে৷ ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে নিৰ্বাচন পৰিচালনাৰ বিভিন্ন দায়িত্বত নিয়োজিত বিষয়াসকলৰ সৈতেও কথা পাতে৷ কালি তেওঁ ধুবুৰী, গৌৰীপুৰ আৰু গোলকগঞ্জ পৌৰসভাৰ বিভিন্ন ভোটকেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনৰ প্ৰস্তুতিৰ ক্ষেত্ৰভিত্তিক বুজ লয়৷

You might also like