প্রতিবাদক নেওচি সোণাপুৰত টোলগেট মুকলি
নিয়মীয়া বাৰ্তা, ২৫ মেঃ আন্দোলন–প্রতিবাদক আওকাণ কৰি সোণাপুৰৰ যোগদলৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত মুকলি হ’ল টোলগেট৷ নগাঁও আৰু গুৱাহাটী অভিমুখী সকলো যান–বাহনে ভৰিব লাগিব কৰ৷ উল্লেখ্য যে সোণাপুৰৰ যোগদল অঞ্চলৰ ৩৭নং ৰাষ্ট্রীয় পথত টোলগেট স্থাপনৰ ক্ষেত্রত স্থানীয় কেইবাটাও সংগঠনৰ প্রতিবাদক নেওচি সোণাপুৰত টোলগেট মুকলি। জাতীয় সংগঠনে তীব্র বিৰোধিতা কৰাই নহয় আন্দোলনো কৰিছিল৷ অভিযোগ মতে, খানাপাৰা–যোৰাবাট–স্ এই ৩৭নং ৰাষ্ট্রীয় ঘাইপথছোৱা কোনো বিজ্ঞানসন্মতভাৱে নির্মাণ কৰা নাই ৰাষ্ট্রীয় পথ নির্মাণকাৰী সংস্থাই৷ তদুপৰি এই অঞ্চলটো এটা জনবসতিপূর্ণ অঞ্চল৷ এই অঞ্চলত স্থানীয় ৰাইজৰ বহু ব্যৱসায়িক প্রতিষ্ঠান আছে৷ টোলগেটৰ নিচেই কাষতে আছে কেইবাখনো শিক্ষা প্রতিষ্ঠান, চিকিৎসা প্রতিষ্ঠান আৰু সামৰিক ঘাটি৷ টোলগেট স্থাপনৰ ফলত যানজঁট সৃষ্টি হ’ব আৰু এই প্রতিষ্ঠানসমূহত বিৰূপ প্রভাৱ পৰিব৷ তদুপৰি টোলগেট স্থাপনৰ প্রাক্মুহূর্তত স্থানীয় ৰাইজৰ লগত কোনো আলোচনা কৰা দেখা নগ’ল৷ তেনে ক্ষেত্রত আজি টোলগেটখন আনুষ্ঠানিকভাৱে মুকলি কৰি যি কৰ সংগ্রহৰ কাম আৰম্ভ কৰিলে, তাৰ তীব্র বিৰোধিতা কৰিছে কেইবাটাও স্থানীয় দল–সংগঠনে৷ পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱ, আসোঁৱাহপূর্ণ ৰাষ্ট্রীয় পথ, পথত কোনো সুৰক্ষাৰ ব্যৱস্থা নথকা, ট্রাক পার্কিং নথকা এই ৰাষ্ট্রীয় পথত টোলগেট মুকলি কৰা কার্যক সহ্য কৰা নহ’ব বুলি আজি কেইবাটাও দল–সংগঠনে সৰৱ হৈ পৰে৷ ডিমৰীয়া ট্রাইবেল সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰহাং, কার্বি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰুণ টেৰণ, সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি ধনেশ্বৰ দলৈ, নিখিল বড়ো ছাত্র সন্থাৰ ডিমৰীয়া সমিতিৰ সভাপতি অজিত খাখলাৰী, বড়ো কছাৰী যুৱ–ছাত্র সন্থাৰ ডিমৰীয়া সমিতিৰ সভাপতি জিতেন্দ্র মহিলাৰী, বৃহত্তৰ ডিমৰীয়া সমিতি উন্নয়ন যুৱ সন্থাৰ সভাপতি মহেন্দ্র টেৰাঙে টোলগেট মুকলিৰ প্রতিক্রিয়া প্রকাশ কৰি আজি এক বিবৃতিত জনায় যে টোলগেট স্থাপনেৰে কৰ সংগ্রহ নকৰিবলৈ জিলা প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষক পূর্বে আবেদন জনাইছিল৷ তদুপৰি ২১ ফেব্রুৱাৰীত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ত টোলগেট স্থাপন সন্দর্ভত আয়োজন কৰা সভাৰ সিদ্ধান্তসমূহ কার্যকৰী নকৰাকৈ টোল সংগ্রহ কৰা কার্য এক ৰহস্যজনক৷ এইক্ষেত্রত সোণাপুৰ ৰাজহ চক্রৰ চক্র বিষয়া আৰু তেওঁৰ অধ্যক্ষতাত গঠিত কৰ সমিতিৰ অন্য সদস্যসকলৰ ভূমিকা ৰহস্যজনক৷ স্থানীয় ৰাইজৰ সুবিধা–সুবিধাৰ প্রতি কোনো গুৰুত্ব প্রদান নকৰাকৈ টোল সংগ্রহত কৰ কমিটীখনে সহযোগ কৰা বুলি বিবৃতিটোত অভিযোগ কৰে সংগঠনকেইটাই৷ এইক্ষেত্রত সংগঠনকেইটাই আদালতত ৰাজহুৱা স্বার্থজনিত আবেদন দাখিল কৰিব৷ তদুপৰি লকডাউনৰ সময়তে টোলগেটৰ বিৰুদ্ধে সামাজিক দূৰত্ব বজাই ৰাখি তীব্র আন্দোলন গঢ়ি তুলিব সংগঠনকেইটাই৷