নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রত্যাখ্যাত নেতাক নিদিব কংগ্রেছ সভাপতিৰ দায়িত্ব

নিয়মীয়া বাৰ্তা, ২২ জুনঃ  বিধানসভা নির্বাচনৰ বিপর্যয়ৰ বাবে দলীয় নেতৃত্বৰ বিৰুদ্ধে এইবাৰ মুখ খুলিলে জ্যেষ্ঠ কংগ্রেছ নেতা, প্রাক্তন সাংসদ বলীন কুলীয়ে৷ দুর্বল নেতৃত্ব, দলীয় প্রার্থী বাছনিত ভুল আৰু নেতৃত্বৰ ঐক্যবদ্ধহীনতাৰ বাবেই নির্বাচনৰ সময়ত ৰাইজে কংগ্রেছক আদৰি নোলোৱা বুলি মন্তব্য কৰি জ্যেষ্ঠ কংগ্রেছ নেতা কুলীয়ে কয় যে এইবাৰৰ বিধানসভা নির্বাচনত কংগ্রেছৰ চৰম বিপর্যয়ৰ বাবে বর্তমানৰ নেতৃত্বই জগৰীয়া৷ বর্তমানৰ প্রদেশ কংগ্রেছৰ নেতৃত্বৰ প্রতি অসমৰ ৰাইজৰ আস্থা নাছিল৷ ইয়াৰ বাবেই বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ এক–দুই মাহ আগলৈকে দলৰ ভিতৰৰ পৰা নেতৃত্ব পৰিৱর্তনৰ সবল দাবী উত্থাপন হৈছিল৷ এই সম্পর্কত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙকো কোৱা হৈছিল৷ কিন্তু বিধানসভা নির্বাচন সন্মুখত থকাৰ দোহাই দি সেই সময়ত এ আই চি চিয়ে প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনি নকৰিলে৷ কিন্তু প্রদেশ কংগ্রেছৰ বর্তমানৰ নেতৃত্বৰ লগতে নির্বাচন কমিটীয়ে দলীয় প্রার্থী বাছনিত ব্যর্থ হ’ল৷

বিশেষকৈ উজনি অসমৰ বহু সমষ্টিত জনসাধাৰণৰ মাজত গ্রহণযোগ্যতা নথকা দুর্বল প্রার্থীক টিকট দিয়া হ’ল৷ দ্বিতীয়তে, বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ লগত কৰা মিত্রতাই বিজেপিক কংগ্রেছৰ বিৰুদ্ধে ডাঙৰ ইছ্যু এটা উলিয়াই দিলে৷ সেয়ে নির্বাচনত দলৰ ব্যর্থতাৰ বাবে প্রদেশ কংগ্রেছৰ বর্তমানৰ সভাপতিগৰাকীৰ লগতে নির্বাচনৰ সৈতে জড়িত নেতৃবৃন্দ মূলতঃ জগৰীয়া৷ আনহাতে, নির্বাচনৰ প্রাক্ক্ষণত আৰু পৰৱর্তী পর্যায়ত কংগ্রেছৰ পৰা জাকে জাকে নেতা–কর্মী বিজেপিত যোগদান কৰাৰ প্রসংগতো কুলীয়ে প্রদেশ কংগ্রেছৰ বর্তমানৰ সভাপতিকে ধৰি নেতৃত্বকে জগৰীয়া কৰে৷ এই সম্পর্কত তেওঁ কয় যে বর্তমানৰ সভাপতিগৰাকীৰ লগতে নেতৃত্বই কংগ্রেছ কর্মীৰ ওপৰত কোনো প্রভাৱ বিস্তাৰ কৰিব পৰা নাই৷

তেওঁলোকৰ নেতৃত্বত ৰাজ্যখনত কংগ্রেছৰ ভৱিষ্যৎ নাই বুলি ভাবিয়েই কংগ্রেছ নেতা–কর্মীসকলে দল এৰিবলৈ আৰম্ভ কৰে৷ নির্বাচনী বিপর্যয়ৰ পাছত হতাশ হৈ পৰা দলীয় নেতা–কর্মীসকলক ধৰি ৰাখি দলক পুনৰ উদ্ধাৰ কৰিবলৈ হ’লে জনসাধাৰণ আৰু কংগ্রেছ কর্মীয়ে আস্থাত লোৱা নেতা বাছি উলিয়াব লাগিব৷ যোৱা নির্বাচনত জনসাধাৰণে প্রত্যাখ্যান কৰা নেতাক প্রদেশ কংগ্রেছৰ নেতৃত্ব অর্পণ কৰিলে দল সুৰক্ষিত আৰু শক্তিশালী নহয় বুলি উল্লেখ কৰি জ্যেষ্ঠ কংগ্রেছ নেতা কুলীয়ে কয় যে এতিয়ালৈ পৰৱর্তী সভাপতি হিচাপে সংবাদ মাধ্যমত যিসকল নেতাৰ নাম ওলাইছে, তেওঁলোকতকৈ বহু যোগ্য ব্যক্তি দলত এতিয়াও আছে৷

এতিয়ালৈ নাম লোৱাসকলক ইতিমধ্যে জনসাধাৰণে জানে৷ আমি ভাবোঁ যোৱা নির্বাচনত ৰাইজে আস্থাত নোলোৱা নেতাসকল দলৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিব নালাগে৷ ইয়াৰ বিপৰীতে বর্ষীয়ান কংগ্রেছ নেতা তথা যোৱা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থকা শৰৎ বৰকটকী, পৃথিৱী মাঝি, দ্বিজেন শর্মা, পৱন সিং ঘাটোৱাৰৰ দৰে নেতাক সভাপতিৰ দায়িত্ব অর্পণ কৰি দুজন কার্যকৰী সভাপতি নিয়োগ কৰি দলটো পুনৰ গঠনৰ দাবী জনায়৷

You might also like