প্রধানমন্ত্রী কেয়াৰ ফাণ্ড–অসম আৰোগ্য নিধিঃ বৰপেটাৰোডৰ ব্যক্তি, অনুষ্ঠান প্রতিষ্ঠানে আগবঢ়ালে ৫.৫৫ লাখ
নিয়মীয়া বার্তা, ৩১ মে’: ক’ৰোনা মহামাৰীৰ প্রথম সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে দুখীয়া পৰিয়াল আৰু চৰকাৰৰ আৰোগ্য নিধিলৈ সহায়ৰ হাত আগবঢ়োৱাৰ লেখীয়াকৈ বৰপেটাৰোডত সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হাতত সৰভোগ সমষ্টিৰ বিভিন্নজন লোকে অসম আৰোগ্য নিধি আৰু প্রধানমন্ত্রী কেয়াৰ ফাণ্ডলৈ আগবঢ়ায় ৫ লাখ ৫৫ হাজাৰ টকাৰ সাহায্য৷
উল্লেখ্য যে ইয়াৰ পূর্বেও বৰপেটাৰোডৰ একাংশ ব্যৱসায়ী, সমাজসেৱক আৰু অনুষ্ঠানে ৰঞ্জিত কুমাৰ দাসৰ হাতত ১৭ লাখ টকাৰ আর্থিক সাহায্য আগবঢ়াইছিল৷ অসম আৰোগ্য নিধি আৰু পি এম কেয়াৰ ফাণ্ডলৈ অনুদান আগবঢ়োৱা লোকসকলৰ প্রতি কৃতজ্ঞতা জনোৱাৰ লগতে এই দুর্যোগৰ সময়ত যিয়ে যেনেকৈ পাৰে দুখীয়া পৰিয়ালসমূহক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ৰঞ্জিত কুমাৰ দাসে৷ সাংবাদিক জয়ন্ত কুমাৰ দাসে আঁতধৰা কার্যসূচীত বৰপেটাৰ ৰোড ক্লাবে ৫১,০০০ টকা, যুগলানন্দ পাঠকে ২১,০০০ টকা, বৰপেটা জিলা ট্ৰাক মালিক সন্থাই অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকা আৰু প্রধানমন্ত্রী নিধিলৈ ৫০,০০০ টকা, কনকেশ দাসে (ৰাতুল) অসম আৰোগ্য নিধিলৈ ৫০০০০ টকা আৰু প্রধানমন্ত্রী নিধিলৈ ৫০,০০০ টকা, বিমল সাহাই (হনু) ২১,০০০ টকা, বিষ্ণু ভদ্রই অসম আৰোগ্য নিধিলৈ ৫০,০০০ টকা আৰু প্রধানমন্ত্রী নিধিলৈ ৫০,০০০ টকা, মংগল সাহাই ২১০০০ টকা, প্রদীপ সাহাই ৫৫৫৫ টকা, চবিন দাসে ২১,০০০ টকা, বৰপেটা ৰোড বেচৰকাৰী বাছ মালিক সন্থাই ১০,০০০ টকা, মিথুন ঘোষে ৫০,০০০ টকা, ৰাজু কাকতিয়ে (সাৰথি গেছ) ১০,০০০ টকা, বিনয় কুমাৰ ভূঞাই ২১,০০০ টকা, কৌশিক কুমাৰ দাসে ৫,০০১ টকা অনুষ্ঠান– ব্যক্তি সকলে সাহায্য প্রদান কৰে৷