নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রার্থিত্বকেন্দ্রিক সংঘাতত জর্জৰিত হিমাচল বিজেপি

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: হিমাচল প্রদেশৰ বিধানসভা নির্বাচনৰ বাবে প্রার্থীৰ তালিকা ঘোষণাৰ পিছতেই ৰাজ্যখনত বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্র মতানৈক্য৷ ইতিমধ্যে বিজেপিৰ আভ্যন্তৰীণ দ্বন্দ্ব স্পষ্ট হৈ পৰিছে হিমাচলত৷ প্রথম প্রার্থী তালিকাত বর্তমানৰ ১১গৰাকী বিধায়কক বাদ দিয়া হৈছে৷ ইয়াৰ ভিতৰত তিনিগৰাকী মন্ত্রীও আছে৷ এই নেতাসকলক প্রার্থিত্ব প্রদান নকৰাৰ ফলত বিজেপিৰ অভ্যন্তৰত সৃষ্টি হৈছে খণ্ডযুদ্ধ৷ প্রার্থিত্ব নোপোৱা নেতাসকলে দলৰ টিকট বিক্রী হোৱা বুলি অভিযোগ আনিছে৷ বিদ্রোহী নেতাসকলে হিমাচলত নির্দলীয়ভাৱে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰো কুচকাৱাজ আৰম্ভ কৰিছে৷

You might also like