প্ৰকৃতিৰ প্ৰকোপত সৰ্বস্ব হেৰুৱাই কপালত হাত দি থাকিবলগীয়া হৈছে পুৰণা জেলম অঞ্চলৰ বহু মাকৈ খেতিয়ক
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ধেমাজি জিলাৰ জোনাইৰ মহকুমাৰ খেতিয়কৰ ওপৰত প্ৰকৃতিৰ কোপ দৃষ্টি | ধেমাজি জিলাৰ জোনাই মহকুমা বান খহনীয়াৰ ফলত হাজাৰ হাজাৰ বিঘা খেতিয়ক ৰাইজে ৰোৱা ধান বিধ্বস্ত হোৱাৰ পিছতে শ শ বিঘা মাকৈ খেতি বৰষুণৰ ফলত বিধ্বস্ত হোৱাত হাহাকাৰ সৃষ্টি হৈছে জোনাইৰ খেতিয়ক ৰাইজৰ মাজত।১০০ শতাংশ লোকে কৃষি কৰ্মৰ ওপৰতে জীয়াই থকা জোনাইৰ পুৰণা জেলেম অঞ্চলত যোৱা প্রায় ডেৰ মাহ ধৰি দি থকা ধাৰাবাহিক বৰষুণৰ ফলত শ শ বিঘা গোমধানৰ খেতি গছৰ ওপৰতে গজালি মেলি বিধ্বস্ত হোৱাত প্ৰতিজন খেতিয়কৰ লাখ লাখ টকা লোকচান হোৱাত এতিয়া দিনতে আন্ধাৰ দেখিছে খেতিয়ক ৰাইজে| জানিব পৰা মতে পুৰণা জেলম অঞ্চলত প্ৰায় অৰ্ধশতাধিক খেতিয়কে প্ৰতি বছৰৰ দৰে এইবছৰো চাৰি পাঁচ বিঘা পৰা ডেৰশ বিঘা পৰ্যন্ত বেংকৰ পৰা ঋণ লৈ গোমধান খেতি কৰিছিল যদিও যোৱা ডেৰমাহে নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত পৰাই ৮০ % শতাংশ পকা গোমধান গছতে গজালি মেলি গেলিব ধৰাত নিশা টোপনি নহা অৱস্থা খেতিয়ক ৰাইজৰ মাজত কাৰণ অঞ্চলটোৰ খেতিয়ক ৰাইজে গোমধান খেতিৰ বাবে বেংকৰ পৰা ঋণ লোৱা লগতে আনৰ পৰা সুতত ধন লৈ কৰিছিল গোমধান খেতি কিন্তু বৰষুণৰ ফলত এনেদৰে গছতে গজালি মেলি গেলি যোৱাৰ লগতে তুলি অনা গুটিবোৰ ৰদ নেপাই চোতালত গেলিব ধৰাত মূৰে কপালে হাত দিয়া অৱস্থা খেতিয়ক সকলৰ মাজত৷ কাৰণ বেংকৰ পৰা ঋণৰ লগতে আনৰ পৰা সুতত লোবা ধনবোৰ পৰিশোধ কৰিব নোৱাৰাৰ আতংকিত হৈ উপাহীন হৈ পৰিছে খেতিয়ক সকলৰ মাজত। ইফালে বেংকৰ ঋণ আৰু আনৰ পৰা সুতত ধন লৈ কৰা গোমধান খেতি এনেদৰে গেলি যোৱাত ঋণ পৰিশোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত সহায়ৰ হাত বিচাৰিছে জোনাইৰ এই সকল দুৰ্ভগীয়া খেতিয়ক ৰাইজে।