ভুৱা তথ্য বিয়পোৱাৰ অভিযোগঃ প্ৰমোদ বড়োৰ বিৰুদ্ধে কোকৰাঝাৰত এজাহাৰ দাখিল
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰি কেইবাজনো লোক গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰ ইউপিপিএল তথা এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োই ভুৱা তথ্য বিয়পাৰ অভিযোগ তুলি কোকৰাঝাৰ সদৰ থানাত এক গোচৰ ৰূজু কৰিছে জনৈক সুলেমান নাৰ্জাৰীয়ে ।
প্ৰমোদ বড়োই যোৱা ৫ এপ্ৰিলত স্থানীয় বড়ো ৱেব পৰ্টেল এটাত ভাৰতত ৩০ হাজাৰ ক’ৰোনা আক্ৰান্ত ৰোগী থকা বুলি ভুল তথ্য দিছিল যিটো ৱেব পৰ্টেলটোত প্ৰচাৰিত হৈছিল । এনে এক জটিল সময়ত প্ৰশাসনৰ পৰা ভুল তথ্য, মন্তব্য প্ৰদান নকৰিবলৈ আহ্বান জনাই অহাৰ সময়তে প্ৰমোদ বড়োই উক্ত মন্তব্য প্ৰকাশ কৰাক লৈ এজাহাৰ দাখিল কৰা বুলি উল্লেখ কৰিছে সুলেমান নাৰ্জাৰীয়ে ।
ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮২/৫০৫ মৰ্মে আৰু আইটি এক্টৰ ৬৬ ধাৰা মৰ্মে গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে ।
ইফালে এই সন্দৰ্ভত প্ৰমোদ বড়োৱে দুখ প্ৰকাশ কৰি ৰাইজৰ ওচৰত ক্ষমা বিচাৰে ।