প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যুদিৱসৰ দিনা ধুবুৰীত এলাগী হৈ থাকিল জননেতাগৰাকীৰ প্ৰতিমূৰ্তি
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ: আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু দিৱস। ২০০৫ চনত আজিৰ ২৫ ডিচেম্বৰৰ দিনটোত প্ৰয়াণ ঘটিছিল জননেতা গৰাকীৰ। উল্লেখ্য যে, ১৯১৪ চনৰ ১ জানুৱাৰীৰ দিনা অধুনা ধুবুৰী জিলাৰ চাপৰত জন্ম গ্ৰহণ কৰিছিল প্ৰয়াত সিংহই। কিন্তু আজিৰ দিনটোতেই নিজৰ ওপজা জিলাখনৰ সদৰ ধুবুৰীত অৱহেলিত হৈয়ে থাকিল প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি। ধুবুৰী চহৰৰ ১নং ওৱাৰ্ডস্থিত চৰকাৰী আৱৰ্ত ভৱনৰ নতি দূৰতে থকা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ পূৰ্ণাংগ অৱয়ব প্ৰতিমূৰ্তিত এপাহ ফুলেৰে শ্ৰদ্ধাঞ্জলী জনাবলৈ সময় নহ’ল কাৰোৰে।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী