নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিকল্পিত হত্যাৰ বলি সৌৰভ! চেঁচা নৈত উদ্ধাৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ২১জুনঃ চেঁচা নৈৰ বুকুত উদ্ধাৰ সৌৰভ দাসৰ মৃতদেহ। শুকুৰবাৰে নিশা প্ৰেমিকাৰ পৰিয়ালৰ লোকে পৰিকল্পিতভাৱে হত্য়া কৰি চেঁচা নৈত মৃতদেহ পেলাই দিয়াৰ অভিযোগ। আজি ঘটনাস্থলীৰ কিছু নিলগতেই উদ্ধাৰ হয় সৌৰভৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহ। উত্তেজিত একাংশলোকে আৰক্ষীৰ বাহনলৈও শিল নিক্ষেপ কৰে।

সৌৰভৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই উত্তপ্ত হৈ পৰে ডিব্ৰুগড়ৰ লেজাই অঞ্চল। সান্ধ্য আইন জাৰি কৰা হৈছে উক্ত অঞ্চলটোত। আনহাতে মৃতদেহত স্পষ্ট চোকা অস্ত্ৰৰ আঘাতৰ চিন। মুখমণ্ডলত বহু বেয়াকৈ আঘাত কৰে অভিযুক্ত হত্যাকাৰীয়ে। এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি দাবী কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে স্থানীয়-দল সংগঠনৰ লগতে স্থানীয় ৰাইজে।

 

 

 

You might also like