নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটনস্থলী লৈ ৰূপান্তৰিত কোকৰাঝাৰৰ উল্টা পানী বনাঞ্চলত শিব বাথৌ মন্দিৰ

নিয়মীয়া বাৰ্তা , ১৮ মাৰ্চ: কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ উল্টা পানী বনাঞ্চলত ১৩৬০ চনতে স্থাপন হোৱা শিব বাথৌ মন্দিৰটো বৰ্তমান পৰ্যটন স্থানলৈ ৰূপান্তৰিত হৈছে ।এইঐতিহাসিক শিৱ বাথৌ মন্দিৰটো যদিও গভীৰ বনাঞ্চলৰ মাজত অৱস্থিত তথাপি গুৰু সংক্ৰান্তী , অমাবস্যা , পূৰ্নিমা আদি তিথিত অসংখ্য ভক্তৰ সমাগম ঘটে । ১৩৬০ চনৰ আগতে মহৰ্ষি বাথৌ ৰত্ন গুৰুৱে দীৰ্ঘ দিন তপস্যাৰ পিছত এই মন্দিৰটো স্থাপন কৰিছে । ৰাস্তা ঘাটৰঅসুবিধা থকা সত্বেও এইমন্দিৰত ভক্ত সকলে পূজা অৰ্চনা কৰাৰ লগতে বিবাহ আদিও সম্পন্ন কৰি দিয়ে এই মন্দিৰত । দীৰ্ঘ দিন ধৰি উল্টাপানীৰ এই শিব বাথৌ মন্দিৰটো জৰাজীৰ্ন হৈ আছিল যদিও প্ৰাক্তন বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সহধৰ্মীনী শিউলী মহিলাৰীয়ে মন্দিৰটো পকী কৰি নিৰ্মান কৰি দিয়ে । কিন্তু মন্দিৰটো লৈ অহা যোৱা কৰা ৰাস্তাটো এতিয়াও জৰাজীৰ্ন হৈ আছে । এই জৰাজীৰ্ন ৰাস্তাটো সুচল কৰি এইঅঞ্চল সমুহ পৰ্যটন স্থললৈ ৰূপান্তৰ কৰিবলৈ স্থানীও লোকে দাবী জনাইছে ।

You might also like