নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত ভাইৰেল শিলঘাগৰি পাহাৰত সৃষ্ট নীলা পানীৰ হ্রদৰ মনোমোহা দৃশ্য

নিয়মীয়া বাৰ্তা ১৮ জুনঃ বিগত তিনি দিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হোৱা কেইবাখনো ফটোৱে বইটামাৰী অঞ্চলৰ লগতে সমগ্র বঙাইগাঁও জিলাত বিশেষ চর্চা লাভ কৰিছে৷ ফটোকেইখন হ’ল জিলাখনৰ বইটামাৰী অঞ্চলৰ শালবাৰী আৰু পঞ্চগাঁৱৰ মাজৰ শিলঘাগৰি পাহাৰৰ এটা শিলৰ কোৱেৰীত গঢ়ি উঠা এক নৈসর্গিক সৌন্দর্যৰ আলোকচিত্র৷ কিন্তু পৰিতাপৰ কথা বৃহস্পতিবাৰে কোৱেৰীৰ মহলদাৰে এক্সকেভেটৰেৰে খান্দি এই সৌন্দর্য নষ্ট কৰি পেলায়৷

উল্লেখ্য যে অঞ্চলটোৰ ঐতিহাসিক এই শিলঘাগৰি পাহাৰত বন বিভাগে স্থানীয় ৰাইজৰ বিৰোধিতা সত্ত্বেও আবণ্টন দিছিল শিলৰ কোৱেৰী৷ কোৱেৰীৰ মহলদাৰে কেইবাবছৰ ধৰি জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি কঢ়িয়াই পাহাৰখনত বিস্ফোৰণ ঘটাই আহৰণ কৰিছিল শিল৷ প্রকাণ্ড আকাৰৰ বহুকেইটা শিলেৰে ভৰা বাবে শিলঘাগৰি নাম পোৱা এই পাহাৰখনৰ বক্ষ আঁজুৰি শিল আহৰণৰ লগতে মাটি খান্দি পাহাৰখনৰ এটা ফাল ধবংস কৰি একপ্রকাৰ নাইকিয়া কৰি দিছিল শিল ব্যৱসায়ী এই চক্রটোৱে৷ কিন্তু এই ধবংসৰ মাজতো গঢ়ি উঠিছিল অপূর্ব সৌন্দর্য৷ বিস্ফোৰণৰ ফলত ওপৰৰ পৰা প্রকাণ্ড শিলৰ টুকুৰাবোৰ পৰি পাহাৰখনৰ দাঁতিতে সৃষ্টি হৈছিল এটা বৃহৎ পুখুৰী৷ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে পাহাৰখনৰ এটা বৃহৎ খণ্ড–বিখণ্ড শিলৰ লগত সংযুক্ত হৈ থকা এই পুখুৰীটোত পানী জমা হৈ এটা নীল বৰণৰ হ্রদ সদৃশ এটা মনমোহা সৌন্দর্যৰ সৃষ্টি হৈছিল৷

ইপিনে, কেইমাহমান পূর্বে কোৱেৰীটোত সংঘটিত এক বিস্ফোৰণত কোৱেৰীত কাম কৰা তিনিজন শ্রমিক আহত হোৱা বাবে ৰাইজৰ প্রতিবাদৰ বাবে সাময়িকভাৱে বিস্ফোৰণ বন্ধ আছিল৷ সেইবাবে ইয়াত শ্রমিক নথকা বা জনসমাগম নথকাৰ ফলত প্রকৃতিয়ে নিজৰ ধৰণে বাটবুলাত সৃষ্টি হৈছিল নান্দনিক দৃশ্যৰ৷ ইয়াৰ মাজতে কোৱেৰীটোৰ সমীপৰ শালবাৰী গাঁৱৰ কেইজনমান ছাত্রই তিনি দিন পূর্বে সাঁতোৰাৰ মানসেৰে সেই স্থানত আহি ইয়াৰ সৌন্দর্যত অভিভূত হৈ নিজৰ ম’বাইলত এই মনোমহা দৃশ্যৰ ভিডিঅ’ কৰাৰ লগতে কেইখনমান আলোকচিত্র ফেচবুকত আপলোড কৰে৷ লগে লগে একাংশই এই আলোকচিত্রসমূহ থাইলেণ্ডৰ কিছু প্রাকৃতিক দৃশ্যৰ লগত হুবহু মিল দেখুৱাই সামাজিক মাধ্যমসমূহত প্রচাৰ কৰে৷ মুহূর্তৰ ভিৰতে ভাইৰেল হৈ পৰা ফটোসমূহৰ বাবে এই স্থানত আগমন হয় বহু লোকৰ৷

ইয়াৰ সমান্তৰালকৈ শিলৰ কোৱেৰীৰ জৰিয়তে এটা চক্রই ৰাজহ ফাকি দি পাহাৰ ধবংসৰ কাহিনী প্রচাৰ হোৱাৰ উপৰি শিলৰ কোৱেৰী বন্ধ কৰি এই স্থানত পর্যটন কেন্দ্র গঢ়ি তুলিব লাগে বুলি প্রবল জনমত গঠন হয় সামাজিক মাধ্যমত৷ এনে প্রবল জনমত প্রত্যক্ষ কৰি সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত বৃহস্পতিবাৰে পুৱাই কোৱেৰীৰ মহলদাৰে সংগোপনে এই অনাবিল সৌন্দর্য নিমিষতে বিনষ্ট কৰি পেলায়৷ এক্সকেভেটৰ আনি মহলদাৰে নীল বৰণৰ হ্রদ সদৃশ পুখুৰীটো খান্দি পানী উলিয়াই দিয়ে৷ ইপিনে, এই ঘটনাত বন বিভাগ সম্পূর্ণ নীৰৱে থকাৰ অভিযোগ উঠিছে৷ স্থানীয় ৰাইজে তথা প্রকৃতিপ্রেমীসকলে অতিশীঘ্রে মুখ্যমন্ত্রীৰ হস্তক্ষেপ বিচাৰি কোৱেৰী বন্ধ কৰিবলৈ দাবী জনাইছে৷

You might also like