‘বঁটা প্রদানেৰে অনুপ্রেৰণা যোগাইছে সাহিত্য সভাই’
নিয়মীয়া বাৰ্তা, ৩ ফ্ৰেব্ৰুৱাৰীঃ অসম সাহিত্য সভাই ইতিপূৰ্বে ঘোষণা কৰা বিভিন্ন বঁটা–সন্মান দেওবাৰে ২৬ গৰাকী ব্যক্তিক শুৱালকুছি অধিৱেশনৰ অতুল চন্দ্ৰ বৰুৱা মঞ্চত প্ৰদান কৰা হয় । ড০ পৰামন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটাপ্রাপকসকলক মানপত্র, জাপি, গামোচা আৰু নগদ ধনেৰে সন্মানিত কৰে অসম সাহিত্য সভাই৷ অনুষ্ঠানত ‘ভাষাপ্রাণ’ সন্মান আগবঢ়োৱা হয় ড০ নাৰায়ণ দাসক৷ সামবেদ আৰু অথর্ববেদৰ জটিল অনুবাদ কর্ম তথা বিজ্ঞানসন্মতভাৱে হিন্দু ধর্ম প্রচাৰৰ বাবে শ্রীশ্রীভৃগুগিৰি মহাৰাজক মৰণোত্তৰভাৱে ‘অনুবাদ ৰত্ন’ বঁটা প্রদান কৰা হয়৷ আৰক্ষী বিষয়া তথা জনপ্রিয় মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ৰ সম্পাদক পার্থসাৰথি মহন্তক দিয়া হয় ‘আনন্দ চন্দ্র আগৰৱালা বঁটা’৷ সেইদৰে গণেশ তামুলীক বিশেষ সমাজহিতৈষী বঁটা আৰু বর্ণালী ভৰালীক বিশেষ যুৱ সাহিত্য বঁটা প্রদান কৰা হয়৷ মেধি ধৰণী–লকা ন্যাসৰ বিশেষ সাংস্কৃতিক সংগঠক বঁটা লাভ কৰে তৰুণ আজাদ ডেকাই৷ মহেন্দ্র বৰঠাকুৰ সোঁৱৰণী বিশেষ বঁটা লাভ কৰে ধ্রুৱজ্যোতি শর্মাই৷ এম ইলিমুদ্দিন দেৱান আহমেদ বঁটা লাভ কৰে হবিবুৰ ৰহমানে৷ হৰিপ্রসাদ নেওগ মুদ্রণ, অলংকৰণ আৰু সম্পাদনা বঁটা লাভ কৰে সমৰ তালুকদাৰে৷ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা প্রদান কৰা হয় অনুভৱ তুলসী (‘বানান কৰি পঢ়া লুইতৰ পানী’ৰ বাবে) আৰু অপূর্ব কুমাৰ শইকীয়া (‘চ’তৰ উৰহী’ৰ বাবে)ক৷ বসন্তী বৰদলৈ বঁটা লাভ কৰে মনীষা শর্মা (‘ৰোদন’ৰ বাবে) আৰু নিবেদিতা বৰপূজাৰী (‘ছায়াছবি’ৰ বাবে)য়ে৷ সীতানাথ ব্রহ্মচৌধুৰী বঁটা লাভ কৰে নগেন বৰা (‘একে অসম একে গীত’ৰ বাবে) আৰু নগেন্দ্র নাথ শর্মা (‘এনে মৃত্যু শিল্প নহয়’ৰ বাবে)ই৷ ভাৰত চন্দ্র বৰুৱা স্মাৰক বঁটা লাভ কৰে তপন দত্ত (‘নিঃশব্দ বার্তালাপ’ৰ বাবে) আৰু বিজয় শংকৰ শর্মা (‘সুজন কাণ্ডাৰ’ৰ বাবে)ই৷ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা বঁটা লাভ কৰে নীলোৎপল বৰুৱা (‘শুক্রাচার্য ৰাভা যাত্রা আৰু মাত্রা’ৰ বাবে) আৰু ডাঃ প্রয়াগ শইকীয়া (‘সবাক চিত্র নির্বাক কবিতা’ৰ বাবে)ই৷ হেম বৰুৱা সোঁৱৰণি সাহিত্য বঁটা লাভ কৰে ইন্দ্রজিৎ দত্ত (‘ইউৰোপৰ আঠখন সুৰীয়া দেশ ভ্রমণ’ৰ বাবে)ই৷ বুদুৰাম পাংগিং স্মাৰক বঁটা লাভ কৰে মুনীন্দ্র দাস (‘বড়োৰ উত্তৰণৰ ইতিহাস’ৰ বাবে) আৰু ড০ ৰূপা ডেকা পাটিৰ (‘তিৱা সমাজ আৰু সংস্কৃতিৰ এচেৰেঙা’ৰ বাবে)৷ কবি অমূল্য বৰুৱা বঁটা লাভ কৰে কুসুমাঞ্জলি শর্মা (‘ছ্যেং’ৰ বাবে) আৰু মানসী গগৈ (‘জুনুকা পিন্ধা বৰষুণ’ৰ বাবে)য়ে৷ উত্তম চন্দ্র বৰুৱা সোঁৱৰণি বঁটা লাভ কৰে নীলোৎপল শর্মাই৷ গিৰিধৰ শর্মা স্মাৰক শ্রেষ্ঠ পাণ্ডুলিপি বঁটা আগবঢ়োৱা হয় মুনমী ভট্টাচার্যলৈ৷
উল্লেখ্য যে সভাপতিৰ বিশেষ সন্মান শংকৰলাল গোৱেংকা আৰু হবিব মহম্মদ চৌধুৰীক দিয়া হৈছিল যদিও বঁটা প্রদান অনুষ্ঠানত দুয়োজন অনুপস্থিত থাকে৷ বঁটা প্রদান অনুষ্ঠানত অংশ লৈ অৱসৰপ্রাপ্ত ন্যায়াধীশ ড০ মুকুন্দকাম শর্মাই অসম সাহিত্য সভাই বর্তমান অসমৰ সীমা চেৰাই আন্তঃৰাষ্ট্রীয় পর্যায় পাইছে বুলি উল্লেখ কৰি কয় যে এই বঁটাসমূহে নতুন প্রজন্মক আকর্ষিত কৰিব৷ অনুষ্ঠানত অসম সাহিত্য সভাৰ নৱনির্বাচিত উপ–সভাপতি মৃণালিনী দেৱীয়ে ভাষা–সাহিত্যক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰাৰ উদ্দেশ্যে এনেদৰে লেখক–সাহিত্যিকক অসম সাহিত্য সভাই বঁটা প্রদান কৰি অনুপ্রেৰণা যোগাইছে বুলি মন্তব্য কৰে৷ তেওঁ এই অনুষ্ঠানতে ইকবাল আলীৰ এখন গ্রন্থও উন্মোচন কৰে৷