নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত আৰছুুৰ গণ বিশাল সমাবেশ

  • ৰাভা হাছংক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদত অন্তৰ্ভূক্তিৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল
  • দাবী মানি নললে তীব্ৰ আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা;৭ এপ্ৰিল::-নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত আৰু কামৰূপ জিলাৰ তিনিওটা সংগঠনৰ সহযোগত ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণ,ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰিবলৈ বেনাৰ,প্লে-কাৰ্ড লৈ আৰু ৰাভা চুক্তি অনুসৰি ৰাভা হাছং পৰিষদক অধিক ক্ষমতা আৰু কাৰ্যকৰণ কৰাৰ দাবীত শুক্ৰবাৰে বকোৰ ৰাজহুৱা খেলপথাৰত বিশাল গণ সমাবেশ অনুষ্ঠিত হয়।কামৰূপ জিলাৰ ৰাভা হাছং এলেকাৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় দহ সহস্ৰাধিক পুৰুষ-মহিলাই এই বিশাল গণ সমাবেশত বিভিন্ন দাবীৰে কপাই তুলিলে বকো ৰাজহুৱা খেলপথাৰ।এই গণ সমাৱেশত হাতে হাতে পুৰুষ-মহিলাই বেনাৰ,প্লেকার্ড লৈ ষষ্ঠ অনুসূচী আমাক লাগিবই,ৰাভা হাছংক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰক,ৰাভা হাছা যৌথ সংগ্রাম সমিতি জিন্দাবাদ, আৰছু জিন্দাবাদ,নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ,ষষ্ঠ অনুসূচী দাবী সমিতি জিন্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।

এই গণ সমাবেশত ৰাভা নেতৃত্বই কয় যে এইখন চৰকাৰে ৰাভা জনজাতিসকলৰ সমস্যাৰ কথা বুজি নাপায়।আমি দীৰ্ঘদিন ধৰি এই দাবীৰ বাবে বিভিন্ন ধৰনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো আৰু সু শৃংখল ভাৱে গনতান্ত্ৰিক আন্দোলন কৰি আহিছো।বিজেপি চৰকাৰক আগন্তুক লোকসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিব ৰাভা সংগঠনে।ৰাভা হাছংক শীঘ্ৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত নকৰিলে অনাগত দিনত ৰাভা হাছং এলেকাত বিজেপি নিষিদ্ধ হুংকাৰ।ৰাভা সংগঠনৰ নেতৃত্বই কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচন,পৰিষদীয় নির্বাচনতো নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ বাবে প্রস্তুতি চলাব।যোৱা নিৰ্বাচনৰ সময়ত অসম চৰকাৰে ষষ্ঠ অনুসূচীৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে ৰাভাসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি ৰাভা সকলক প্রতিশ্রুতি দিছিল বিজেপিয়ে। নিৰ্বাচন পাৰ হোৱাৰ পিছতে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিশ্ৰুতি পাহৰি গ’ল।

আৰচুৰ সাধাৰণ সম্পাদক প্রদীপ ৰাভাই আঁত ধৰা বিশাল গণ সমাৱেশত আৰছুৰ সভাপতি নৃপেন খান্দাই সংবাদ মাধ্যমক কয় যে- আমি দীৰ্ঘদিন ধৰি ৰাভা চুক্তি অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ক্ষমতা আৰু কাৰ্য হস্তান্তৰ কৰিবৰ বাবে দাবী জনাই আহিছোঁ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী জনাই আহিছোঁ যদিও বিজেপি নেতৃত্বাধীন চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। বৰঞ্চ ষষ্ঠ অনুসূচীৰ দাবীক নস্যাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। সেয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ বাবে ৰাভা হাছং অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠী আজি আমি প্ৰায় দহ সহস্ৰাধিক পুৰুষ মহিলাই একত্ৰিত হৈছো।যিহেতু এই তিনিটা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে জাননী জাৰি কৰি ডাঃ ৰণোজ পেগুৰ নেতৃত্বত কেবিনেট ছাব কমিটী গঠন কৰিছে,তেনে ক্ষেত্ৰত ডাঃ ৰণোজ পেগুৱে আজিলৈকে কিয় ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা নাই বুলি ডাঃ ৰণোজ পেগুক প্রশ্ন কৰে।এই চৰকাৰ মিছলীয়া চৰকাৰ।আমি দীৰ্ঘদিন ধৰি এই আন্দোলন কৰি আহিছো।এই আন্দোলনৰ ফলত বিভিন্ন সময়ত আমাৰ বহু লোক স্বহীদ হব লগা হৈছে।আমি সকলোৱে এই চৰকাৰ খনক আহি থকা আগন্তুক দিনত এসেকা দিম।যি দল বা চৰকাৰে আমাৰ দাবী মানি লব।আমি তাৰ লগতে আছো।লগতে বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশ শ্লোগানক তীব্ৰ সমালোচনা কৰি কয় যে ৰাভা হাছংত সবকা সাথ সবকা বিকাশ হোৱা নাই।আমি সবকা সাথ সবকা বিকাশ মানি নলও।আমাক উন্নয়ন লাগে।বিজেপি এজিপি আমাৰ মতলব নাই।

গণ সমাবেশত উপস্থিত থাকি ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে ৰাভা হাছঙক ৰাভা জনগোষ্ঠীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ সম অধিকাৰ,সম উন্নয়ন আৰু সম বিকাশ সুৰক্ষিত কৰিবলৈ হ’লে ৰাভা হাছংক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবই লাগিব। ইয়াৰ বিকল্প একো নাই।পৰিষদীয় এলেকাত আর্থ-সামাজিক শৈক্ষিক অর্থনৈতিক দিশ টনকিয়াল কৰিবলৈ ষষ্ঠ অনুসূচী লাগিবই।”এই সমাৱেশত বিভিন্ন জাতি-জনগোষ্ঠী;সংগঠন বোৰৰ নেতৃবৃন্দ;ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,উপাধ্যক্ষ্য ৰমাকান্ত ৰাভাৰ লগতে কাৰ্যবাহী সদস্য সুমিত ৰাভাৰ লগতে বহুকেইজন কাৰ্যবাহী সদস্যৰ লগতে বহুকেইজন সাধাৰণ সদস্য উপস্থিত থাকে।

প্ৰেৰক- ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন

You might also like