নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত কাইলৈ ১১১ তম বৰ্ষৰ সাত বিহুৰ সূৱৰী উৎসৱ

  • হাতী যুজ আৰু ঘোঁৰা দৌৰৰ লগতে গোঁসাই বিগ্ৰহ ফুৰোৱা পৰ্ব

নিয়মীয়া বাৰ্তা ;১৮ এপ্ৰিল – ঐতিহ্য মণ্ডিত কামৰূপ জিলাৰ বকোত এক শ এঘাৰ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সাত বিহুৰ সূৱৰী উৎসৱ কাইলৈ আয়োজন কৰা হৈছে। বকো আঞ্চলিক সুৱৰী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত এই বেলিও হাতী যুজ ; ঘোঁৰা দৌৰ প্ৰতিযোগিতাৰ উপৰিও গোঁসাই বিগ্ৰহ ফুৰোৱাৰ যো জা কৰি প্ৰস্তূতি পুৰ্ণ কৰা হৈছে। এই উপলক্ষে আজি সুৱৰী উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যালয়ত সুৱৰীৰ প্ৰস্তূতি সন্দৰ্ভত সাংবাদিকৰে হোৱা আলোচনাত সুৱৰী সমিতিৰ সভাপতি দেবেন্দ্ৰ ৰাভা ; সম্পাদক ৰণিত ৰাভা আৰু সহকাৰী সম্পাদক গীৰিধৰ বড়োই জনায় যে ; এই বৰ্ষও কালিলৈ ৬ বহাগ অৰ্থাৎ ২০ এপ্ৰিলত অতিতৰ পৰম্পৰা অনুসৰি আয়োজন কৰা সুৱৰী উৎসৱ। ইফালে অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন ব’হাগ মাহৰ সাত বিহু অৰ্থাৎ ৬ তাৰিখে আয়োজন কৰা সুৱৰী উৎসৱৰ বাবে ইতিমধ্যে বিহু দ’ল ; ৰাভা; বড়ো ; নেপালী ; কোচ ৰাজবংশী ; দেশী কৃষ্টিকে ধৰি জাতি জনগোষ্ঠীৰ নৃত্য দ’ল ; হাতী যুজৰ বাবে হাতী আৰু ঘোঁৰা দৌৰৰ প্ৰতিযোগিতৰ বাবে ঘোঁৰা যোগাৰ কৰা হৈছে। ইফালে সুৱৰী উৎসৱৰ বাবে তেল গছ বগোৱা ; ৰচি টনা আদিকে ধৰি সকলো যা যোগাৰ কৰিছে বুলি জানিব পৰা গৈছে। সুৱৰীৰ সকলো কাৰ্য্যসুচীতে ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা মণ্ডলীয়ে। ইতিমধ্যে সুৱৰী উৎসৱ উদযাপন স্থলীত ৰভা ; মঞ্চ ; পেণ্ডেল আৰু চৌহদ সজাই পৰাই তোলা হৈছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like