নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত পাঁচজন তীৰ মাফিয়া আটক; জব্দ মোৱাইল, তীৰৰ টিকট, নগদ ধন

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী:: কামৰূপৰ জিলাৰ বকো আৰক্ষীয়ে আজি চাৰিজনকৈ তীৰ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷ বকো আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি বকো অঞ্চলৰ পৰা চাৰিজনকৈ তীৰ মাফিয়াক আটক কৰে ৷ এই চাৰি তীৰ মাফিয়াই দীৰ্ঘদিন ধৰি বকো অঞ্চলত তীৰৰ টিকট বিক্ৰী কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷ বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত আৰক্ষীৰ দলে আজি তীৰ মাফিয়া ক্ৰমে বকোৰ ডাকুৱাপাৰাৰ কানু নাগৰ পুত্ৰ শংকৰ নাগ, টেপছিয়া গাঁৱৰ প্ৰদীপ ৰাভাৰ পুত্ৰ শৈলেন্দ্ৰ ৰাভা, ভালুঘাটা গাঁৱৰ খৰ্গেশ্বৰ কলিতাৰ পুত্ৰ জয়ন্ত কলিতা আৰু ২ নং জামবাৰী গাঁৱৰ জৈনুদ্দিন আলীৰ পুত্ৰ জাকিৰ হুছেইন, ডাকুৱাপাৰা গাঁৱৰ ৰামসেৱক চৌধুৰীৰ পুত্ৰ বিজয় চৌধুৰীক আটক কৰে ৷

উল্লেখ্য যে, শংকৰ নাগৰ পৰা এটা মবাইল, তীৰৰ টিকট আৰু নগধ ৬,৩৫০ টকা, শৈলেন্দ্ৰ ৰাভাৰ পৰা এটা মবাইল হেণ্ডছেট, তীৰৰ টিকট আৰু নগদ ৪,৩৫০ টকা, জয়ন্ত কলিতাৰ পৰা মবাইল ফোন, তীৰৰ টিকট, নগদ ৩,২৫০ টকা আৰু জাকিৰ হুছেইনৰ পৰা মবাইল ফোন, তীৰৰ টিকট, নগদ ১,৬৫৩ টকা, আৰু বিজয় চৌধুৰীৰ পৰা এটা মবাইল হেণ্ডচেট, তীৰৰ টিকট আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

You might also like