বকোত ১৬ সংখ্যক কামৰূপ জিলা উশ্বু চেম্পিয়নশ্বিপ ২০২৩ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: ক্ৰীড়া আৰু ক্ৰীড়া প্ৰতিভাক উজ্বিৱীত কৰিবলৈ লগতে প্ৰকৃত খেলুৱৈ নিৰ্বাচিত কৰিবলৈ কামৰূপ জিলা উশ্বু সন্থাই প্ৰতি বছৰে অনুষ্ঠিত কৰে বাৰ্ষিক প্ৰতিযোগিতা। বিগত বছৰবোৰৰ দৰে এই বৰ্ষত ১৬ তম বৰ্ষৰ বাবে আয়োজন কৰা হৈছে উশ্বু চেম্পিয়নশ্বিপ ২০২৩ বৰ্ষৰ খেল। কামৰূপ জিলা উশ্বু এচোছিয়েশ্যনৰ উদ্যোগত বকোস্থিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ২২ আৰু ২৩ এপ্ৰিলত দুই দিনীয়াকৈ আয়োজন কৰা হৈছে এই বৰ্ষৰ উশ্বু চেম্পিয়নশ্বিপ খেল খন। উশ্বু এচোছিয়েশ্যন ভাৰত আৰু অসম সমিতি ; অলিম্পিক এচোছিয়েশ্যন ভাৰত আৰু অসম সমিতিয়ে অনুমোদিত উশ্বু সন্থা কামৰূপ জিলা উশ্বু এচোছিয়েশ্যনৰ সভাপতি নিত্যানন্দ বিয়োগী ; সাধাৰণ সম্পাদক দূৰ্গেশ্বৰ ৰাভা ; উপদেষ্টা সুমিত পি মাৰাকে জনোৱা মতে ; অসম উশ্বু এচোছিয়েশ্যনৰ নিৰ্দেশনা অনুসাৰে কামৰূপ জিলা সমিতিয়ে আয়োজন কৰে প্ৰতিযোগিতাৰ খেল খন। খেল পৰিচালক তথা প্লেটফ্ৰম বিচাৰক সুভাষ গয়াৰী ; গোবিন্দ দাস আৰু হৰি দাসে জনায় যে ; কামৰূপ জিলাৰ হাজো ; ৰাণী ; বকো ; বামুণীগাওঁ ; চুকুনীয়াপাৰা আৰু বকো এম ভি স্কুলৰ খেলৰ ইউনিটৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সম্পাদক দূৰ্গেশ্বৰ ৰাভাই জনোৱা মতে খেল খনত বিচাৰক হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় বিচাৰক ৰাতুল শইকীয়া আৰু ৰাকচেন মাৰাকে। খেলৰ শেষত ৰাজ্যিক পৰ্য্যায়ৰ খেলুৱৈ নিৰ্বাচন কৰা হয় আৰু ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাৰ জৰিয়তে মেডেল আৰু প্ৰমাণ পত্ৰ বিতৰণ কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।