বগীনদীৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে ষট পূজা পালন
নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ তথা বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আজি ষট পূজা উদযাপন কৰা হয় । বগীনদী ষট পূজা উদযাপন সমিতিৰ উদ্যোগত বগী নদীৰ পাৰত অৱস্থিত ষট পূজা স্থলিত উলহ মালহেৰে পূজা ভাগি উদযাপন কৰা হয় । মুলত হিন্দীভাষী হিন্দু বিহাৰী সম্প্ৰদায়ে পালন কৰা এই পূজা অন্য সম্প্ৰদায়ৰ হিন্দু সকলেও সমিলমিলেৰে পালন কৰা পৰিলক্ষিত হয়। আবেলি তিনি বজাৰ পৰা আৰম্ভ হোৱা পূজাত সূৰ্যদেৱতাক সন্তুষ্ট কৰিবলৈ আয়োজন কৰি অহা ঐতিহ্যৰ পৰা পৰম্পৰা চলি আছে।
বগীনদীৰ উপৰিও হিন্দীভাষী লোকৰ আধিক্য থকা চিয়াজুলি দীৰ্ঘা লীলাবস্তী, চাউলধোৱাৰ সোৱনশিৰি পাৰঘাট আৰু দক্ষিণ ৰূপহী ভৰত পুৰতো বিহাৰী সম্প্ৰদায় লোক সকলে ষট পূজা উলহ মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয়।
প্ৰেৰক ভূবন গৌতম