নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰৰ প্ৰথম দিনটোত পূব কামৰূপৰ মঠ মন্দিৰ নামঘৰত আশিষ ললে জনতাই

নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ আশা প্ৰত্যাশাৰে ভৰা এটা বছৰৰ আৰম্ভণি দিন ।পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতিৰ অন্তত বছৰটোৰ আৰম্ভণিৰ দিনটোত সকলোৱে উৎসাহ উদ্দীপনাৰে আৰম্ভ কৰিলে ২০২১চনৰ পহিলা জানুৱাৰীৰ দিনটো।

বছৰৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে বহুতেই বাছি ললে মঠ মন্দিৰ তথা উপাসনাস্থলী সমূহ। পুৱাৰ পৰা উত্তৰ কামৰূপৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষক আদৰা পৰিলক্ষিত হয়।নিজ পৰিয়ালৰ সকলোৰে মংগল কামনাৰ লগতে দেশৰ ৰাজ্যৰ মংগল কল্যাণৰ অৰ্থে পুৱাৰ পৰা বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত মদনকামদেৱ দেৱালয়, পিঙ্গলেশ্বৰ দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয়, দৰংৰ গনেশ কুঁৱৰীৰ গনেশ মন্দিৰ,চাংসাৰী লক্ষীশিল,মুক্তাপুৰ কলিয়া গোসাই মন্দিৰ আদিত লক্ষাধিক ভক্তৰ সমাগম হয়।

You might also like