নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ যোগ প্ৰশিক্ষক লিপিকাৰ ‘স্বস্তিকা’ ভংগীমাৰ ফটো ইণ্টাৰনেটত ভাইৰেল

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ বজালী জিলাৰ সদৰ পাঠশালাৰ এগৰাকী যুৱতীয়ে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু শুভ প্ৰতীক হিচাপে চিহ্নিত ‘স্বস্তিকা’ৰ ভংগীমাত তোলা এখন ফটো দীপাৱলীৰ ক্ষণত ইণ্টাৰনেট জগতত খলকনি তুলি সমগ্ৰ দেশতে বিশেষভাৱে চৰ্চিত হৈছে৷ দীপাৱলী উদযাপনৰ সময়ত পাঠশালাৰ কন্যা লিপকা তালুকদাৰে নিজৰ শৰীৰটো বিশেষ ভংগীমাৰে ‘স্বস্তিকা’ৰ মুদ্ৰা লৈ তোলা ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত। সম্প্ৰতি বেংগুলুৰুত থাকিবলৈ লোৱা পাঠশালাৰ ২৯ বছৰীয়া যুৱতী লিপিকা তালুকদাৰে পাঠশালাস্থিত শান্তিকুঞ্জ ৰিহেবিলিটেচন কেন্দ্ৰত যোগ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। এগৰাকী পেছাদাৰী যোগ প্ৰশিক্ষক হোৱাৰ বাবে সহজে ‘স্বস্তিকা’ৰ দৰে অতি জটিল ভংগীমা দিবলৈ সক্ষম হোৱা লিপিকাৰ এই ‘স্বস্তিকা’ ভংগীমাক নেটিজেনৰ লগতে সাধাৰণ মানুহেও শলাগ লৈছে। উল্লেখ্য যে যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী লিপিকাই মানুহক শাৰীৰিক আৰু মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ প্ৰেৰণা দি আহিছে। গুৱাহাটীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা লিপিকাই সদৌ অসম ক্ৰীড়া চেম্পিয়নশ্বিপ ২০১৯ত ‘যোগ সম্ৰাজ্ঞী’, জুবিন ক্লাছিক যোগ চেম্পিয়নশ্বিপ ২০১৯ত ‘বেষ্ট অৱ দ্য বেষ্ট’ৰ লগতে ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বিপ ২০১৯ৰ অন্যতম অংশগ্ৰহণকাৰীৰ খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও তেওঁ ২০১৭ চনৰ পৰা বজালীৰ “ব্ৰেইন এণ্ড ফিগাৰ” গ্ৰুপৰ হৈ পাঠশালাত স্বেচ্ছাসেৱী হিচাপে কাম কৰি বিনামূলীয়া যোগ শিবিৰত যোগ শিক্ষা প্ৰদান কৰিছিল।

 

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like