বাংগালুৰুত হেলেমৰ যুৱকৰ ক’ৰোনাত মৃত্যু
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ হেলেম থানাৰ অন্তর্গত গমিৰি গধৰীয়াবস্তিৰ যুৱক হেমন্ত চুবেদী (হুকুম)ৰ ক’ৰোনাত আক্রান্ত হৈ বাংগালুৰুত মৃত্যু হয়৷ বিগত ৭ বছৰ ধৰি বাংগালুৰুত কর্মৰত যুৱকজন জ্বৰ আৰু কাহত আক্রান্ত হোৱাত যোৱা ৩১ জুলাইত দেবৰ বিছনালী নামৰ ঠাইত এখন ব্যক্তিগত নার্ছিং হোমত ভর্তি হয় যদিও কিছু সময় পিছতেই যুৱকজনৰ মৃত্যু হয়৷ পৰিয়ালৰ সূত্রই প্রকাশ কৰা অনুসৰি আজি পুৱা নার্ছিং হোম কর্তৃপক্ষই যুৱকজন ক’ৰোনা পজিটিভত আক্রান্ত হৈ মৃত্যু হৈছে বুলি জনাইছে৷