বাক্সাত স্থানীয় ৰাইজে হত্যা কৰিলে দুই ভাতৃক, কিয়?
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ বাক্সা জিলাৰ শিমলুগুৰিৰ আঠিয়াবাৰী গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ গৃহৰ চোতালতে স্থানীয় ৰাইজে হত্যা কৰিলে দুই ভাতৃক। দীৰ্ঘদিন ধৰি দুই ভাতৃয়ে গাঁৱত চলাইছিল উপদ্ৰৱ, বিভিন্ন ধৰণৰ অপৰাধজনিত কামত জড়িত থকাৰ উপৰিও গাঁওখনৰ নিৰীহলোকক মাৰপিট কৰাৰ অভিযোগ সকলোৰে। নিহত দুই ভাতৃক্ৰমে বিশ্বজিৎ দাস আৰু হাৰাধন দাস দুই ভাতৃক হত্যা কৰি স্থানীয় ৰাইজে জ্বলাই দিয়ে বাসগৃহ।
উল্লেখ্য যে দুই ভাতৃৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰি ৰাইজে বিধায়ক ৰঞ্জিত কুমাৰ দাস আৰু স্থানীয় আৰক্ষী চকীও ঘেৰাও কৰিছিল, ৰাইজৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল দুই ভাতৃ কিন্তু লক ডাউনৰ বাবে জে’লৰ পৰা মুক্তি লাভ কৰে যুৱকদ্বয়ে। কিন্তু আশ্চৰ্যজনক ভাৱে জে’লৰ পৰা ওলাই আহিয়েই পুনৰ উপদ্ৰৱ চলোৱাত অতিষ্ঠ হৈ স্থানীয় ৰাইজে হত্যা কৰে যুৱকদ্বয়ক। ঘটনাস্থলীত আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ঘটনাত জড়িতসকলে উপযুক্ত শাস্তি পাব বুলিও মন্তব্য কৰে আৰক্ষীয়ে।