বাক্সাৰ শিমলাত সামৰণি পৰিল পাঁচ দিনীয়া শিক্ষক প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : বাক্সা জিলাৰ শিমলাস্থিত ককলাবাৰী ছোৱালী হাইস্কুলত পাঁচ দিনীয়া কৈ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিখনৰ এজন শিক্ষক আৰু এগৰাকী শিক্ষয়িত্ৰীক লৈ বিদ্যালয়ৰ ছাত্র ছাত্রীৰ “স্বাস্থ্য আৰু কল্যাণ প্ৰতিনিধি”ৰ ওপৰত অনুষ্ঠিত প্ৰশিক্ষণৰ আজি সামৰণি পৰে । প্ৰশিক্ষণৰ সামৰণিৰ কাৰ্যসূচীত আজি অসম সৰ্বশিক্ষা অভিযান মিছনৰ বাক্সা জিলাৰ সমন্বয়ক তথা জিলা বিদ্যালয় পৰিদৰ্শক ভৱেন দেউৰীয়ে অংশগ্রহণ কৰি কয়, “বিদ্যালয়ত থকা সামগ্রী সমূহ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। লগতে প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়েও পৰিস্কাৰ কৈ থাকিব লাগে। তেতিয়াহে ছাত্ৰ ছাত্ৰী সকলক পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকিবলৈ শিক্ষা প্ৰদান কৰিব পৰা যাব আৰু সিহঁতে বহুত বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব।” নলবাৰী ডাইটৰ প্ৰবক্তা তথা সমল ব্যক্তি জীতেন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, “বিদ্যালয়ৰ স্বাস্থ্য আৰু কল্যাণৰ পাঁচ দিনীয়া প্ৰশিক্ষণৰ সামৰণি পৰিল ।প্ৰশিক্ষণত সামগ্রিক ভাবে ছাত্র ছাত্ৰীক স্বাস্থ্যৰ বিষয়ে কিখিনি সজাগতা সৃষ্টি কৰিব লাগে তাৰ ওপৰত খৰচি মাৰি আলোচনা কৰা হৈছিল। কাৰ্যসূচীত চিকিৎসক ডা: ধ্ৰুৱজ্যোতি দাস আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক দিপাংকৰ কলিতাই সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰা প্ৰশিক্ষণ অনুষ্ঠানত দিহিৰাপাম মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বিপিন বসুমতাৰী,লক্ষীবজাৰ মণ্ডল সমল কেন্দ্রৰ সমন্বয়ক ইনোচেন বসুমতাৰী আৰু জলাগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰৈৰূপ বসুমতাৰীকে ধৰি মুঠ ৮৮ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্রহণ কৰে।