বাধাহীনভাৱে প্রৱাহিত মহাবাহুৰ এৰাসুঁতি ৰাসুঁতিজানৰ জলধাৰাত বেদখল
নিয়মীয়া বাৰ্তা, ২২ জুনঃ চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে বটদ্রৱাৰ ইতিহাসৰ সাক্ষী বহন কৰা ৰাসুঁতিজানৰ বেদখলৰ ভয়ংকৰ ঘটনা৷ বটদ্রৱাৰ বৃহত্তৰ ধূপগুৰি, ৰামপুৰ, ছলাপথাৰ আৰু হাইডুবি অঞ্চলৰ প্রাকৃতিক সৌন্দর্যবর্ধন কৰি অহা তাহানিৰ মহাবাহুৰ লগত নিবিড সম্পর্ক থকা ৰাসুঁতিজান একাংশ দুষৃকতিকাৰীয়ে ধবংস কৰা কার্যই অঞ্চলটোৰ কৃষি অর্থনীতিৰ ওপৰত নির্ভৰশীলসকলক চিন্তিত কৰি তুলিছে৷
ঐতিহাসিক ৰাসুঁতিজান জলধাৰাৰ লগত গুৰুজনাৰ জন্মস্থানৰ ভৌগোলিক ইতিহাস জডিত আছিল৷ বাধাহীনভাৱে প্রৱাহিত মহাবাহুৱে সুঁতি সলাই পলস পেলাই থৈ যোৱাৰ পাছতো এই প্রাকৃতিক জলধাৰা বৈ আছিল নিৰৱচ্ছিন্নভাৱে৷ তাহানি বিৰল প্রজাতিৰ থলুৱা মাছ–কাছৰে উভৈনদী হৈ থকা ৰাসুঁতিজানৰ প্রাকৃতিক সৌন্দর্যৰ ওপৰত কালক্রমত একাংশ দুষৃকতিকাৰীৰ শেনচকু পৰিল৷ এইসকল দুষ্কৃতিকাৰীয়ে নিজৰ ক্ষুদ্র স্বার্থৰ বাবে প্রথম অৱস্থাত জানৰ মুখ বন্ধ কৰি ডাঙৰ ডাঙৰ ঢ়াপ মাৰি মীনপালনৰ ব্যৱস্থা কৰে যদিও পিছলৈ ৰাসুঁতিজানৰ বহু অংশ পুতি ঘৰ–দুৱাৰ নির্মাণ কৰিবলৈ ধৰে৷
চৰকাৰ–প্রশাসনৰ বিনা অনুমতিত একাংশ লোকে বৈ থকা এই প্রাকৃতিক জলধাৰাৰ অস্তিত্ব ধবংস কৰি দিয়াৰ পাছত বৃহত্তৰ অঞ্চলটোৰ বহু অংশত কৃত্রিম বানে বিপদ মাতি আনিছে৷ দুষৃকতিকাৰীৰ অত্যাচাৰত ৰাসুঁতিজান ধবংস হ’বলৈ যোৱাৰ ঘটনাপ্রৱাহে বটদ্রৱা অঞ্চলৰ ধূপগুৰি–ৰামপুৰ–ছ আদি গাঁৱৰ কৃষিজীৱী–মৎসজীৱীস্ জীৱন–জীৱিকা সম্প্রতি বন্ধ হোৱাৰ উপক্রম কৰিছে৷ এই কার্যই অদূৰ ভৱিষ্যতে বটদ্রৱাৰ জনজীৱনৰ অন্যতম অংগস্বৰূপ বৃহত্তৰ ধূপগুৰি–ৰামপুৰ–ছ আৰু হাইডুবি অঞ্চলৰ ভৌগোলিক পৰিৱেশৰ প্রতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি মত প্রকাশ কৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে৷
অলপতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বটদ্রৱা ভ্রমণ কৰোঁতে বৃহত্তৰ অঞ্চলটোৰ প্রাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰি অহা খাল, বিল, জলাশয়ত একাংশ দুষৃকতিকাৰীয়ে ধবংস কৰাৰ বিষয়ে অঞ্চলটোৰ চৰকাৰী ভূমিৰ বেদখলৰ বিষয়েবৃহত্তৰ অঞ্চলৰ কিছু সমাজ সচেতন লোকে বটদ্রৱা থান পৰিচালনা সমিতি আৰু প্রাক্তন স্থানীয় বিধায়িকা আঙুৰলতা ডেকাৰ জৰিয়তে তেওঁক অৱগত কৰিছিল৷ সেয়েহে সময় থাকোঁতেই বটদ্রৱাৰ ৰাসুঁতিজানকে আদি কৰি জামাইবস্তি, প্রাক্তন সৈনিকৰ নামত আবণ্টিত ভূমি, বটদ্রৱা থানৰ নামত থকা শান্তিজান বজাৰৰ ভূমি, বৰহিছা কিচামতৰ ভূমি, কৃষি বীজপামৰ নামত থকা ভূমি আৰু আন আন চৰকাৰী ভূমিৰ সকলো ধৰণৰ বেদখল উচ্ছেদ কৰাৰ দাবী জনাইছে বটদ্রৱাৰ সত্রাধিকাৰ প্রমুখ্যে অঞ্চলৰ সচেতন লোকে৷