নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানপীড়িত লোকক কোনো কাৰণত অসুবিধা হ’বলৈ নিদিওঃ বিধায়ক জলেন দৈমাৰী

নিয়মীয়া বাৰ্তা, ১৯ জুনঃ বানপিড়িত লোকক কোনো কাৰনত অসুবিধাৰ সন্মুখীন হবলৈ নিদিও। বিধায়ক পূজিৰ পৰা পৰ্যাপ্তপৰিমানে সহায় কৰিম। বানপানীত নিজৰ সমষ্টি বুলি কোনো কথা নাই। অন্য সমষ্টিতো সহায় কৰিব লাগিব। এই মন্তব্য তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ। ৰাজ্যত ক্ৰমাৎ জটিল ৰূপধাৰন কৰা বান পৰিস্থিতি ঠায়ে ঠায়ে কিছু পানী কমিবলৈ ধৰিছে যদিও আন বহুটো জিলাত পুনৰ নতুনকৈ বাঢ়ি অহা বাঢ়নি পানীয়ে কালৰূপ ধাৰন কৰিছে বিস্তীৰ্ণ অঞ্চল। বিশেষকৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰ আৰু তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাও তথা চুবুৰীত জ্বলস্বৰে প্লাবিত কৰাৰ সময়তে আজি উক্ত দূয়োটা ৰাজহ চক্ৰৰ এলেকাধীন কিচুগাও পৰিদৰ্শন কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক জলেন দৈমাৰীয়ে। মাত্ৰ ৭ মাহ পূৰ্বে বিধায়কৰ দায়িত্ব লোৱা জলেন দৈমাৰী অতি কম সময়ৰ ভিতৰতে সমষ্টি বাসীৰ হিয়াৰ আমঠু হৈ পৰা বিধায়ক গৰাকীয়ে আজি তামুলপুৰ ৰাজহচক্ৰ অন্তৰ্গত বৰবিলা আৰু চাপাতল অঞ্চলৰ কেবাটাও চুবুৰীৰ লোক পানীৰ তল যোৱাত বিধায়ক জলেন দৈমাৰীয়ে অতি তৎপৰতাৰে গোৰেশ্বৰৰ শিখৰ এডভেঞ্চাৰ ক্লাৱ আৰু গ্ৰীন টেক এডভেঞ্চাৰ, বগামাটী ক্লাৱৰ সতে যোগা-যোগ কৰি দূখনকৈ ৰাফ্ট ব্যৱস্থা কৰি দিয়ে।

আনহাতে বানপিড়িত অঞ্চল পৰিদৰ্শন কৰি বিধায়ক জলেন দৈমাৰীয়ে ” নিয়মীয়া বাৰ্তাৰ ” সৈতে হোৱা এক আচুতীয়া সাক্ষাৎ কাৰত কয় যে ৰাজ্যত যি প্ৰলংকাৰী বানে তাণ্ডৱ চলাই ই সচাকৈ অতি দূখ লগা হৈছে। বানপিড়িত অঞ্চলৰ বন্যাৰ্ত সকলে যাতে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে আমি বি টি চি তথ চৰকাৰৰ লগতে বিধায়ক পূজিৰ পৰা যিমান পাৰো সহায় কৰিবলৈ প্ৰস্তুত আছো বুলি কয়। আনহাতে কালি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা গোৰেশ্বৰ ৰাজহ চক্ৰৰ এলেকাধীন ৰকূচলা, বালাবাৰী, নিজকূচলা, চেনীগাও, পুখৰীপাৰ আদি অঞ্চল পৰিদৰ্শন কৰি বিধায়ক গৰাকীয়ে কয় যে — এই অঞ্চল সনূহ যদিও মোৰ সমষ্টিৰ অন্তৰ্গত নহয় তথাপিও আমি বানপিড়িত ৰাইজে যাতে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন হব লগা নহয় তাৰ বাবে আমি সমষ্টি বুলি কোনো কথা নাই সকলো বানপিড়িত ৰাইজকে সহায় কৰিব লাগিব। ইপিনে বিধায়ক জলেন দৈমাৰী, প্ৰশাসন, শিখৰ এডভেঞ্চাৰ ক্লাৱ, আৰু গ্ৰীন ট্ৰেক এডভেঞ্চাৰ, বগামাটীৰ প্ৰচেষ্টাত বৰবীলা আৰু চাপাতল অঞ্চলৰ পৰা ৰাফ্টেৰে প্ৰায় শতাধিক লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ আহে। এই কাৰ্যক বৃহত্তৰ তামুলপুৰ সমষ্টিবাসী ৰাইজে বিধায়ক জলেন দৈমাৰীক ভূয়সী প্ৰশংসা কৰে। ইপিনে আজি পূৱা ৬ বজাৰ পৰা তামুলপুৰ সমষ্টিৰ বিভিন্ন বানপিড়িত অঞ্চল পৰিদৰ্শন কৰে।

প্ৰেৰক: বিজয় ৰাজবংশী

You might also like