বানাক্ৰান্তৰ মাজত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ভেকচিন প্ৰদান
নিয়মীয়া বাৰ্তা,২৪ জুলাইঃ বেচৰকাৰী সংস্থা “চছাইটি ফৰ উৎসাহ প্ৰডাকচন” চমুকৈ উৎসাহে দৰঙৰ বিভিন্ন বানাক্ৰান্ত এলেকাত বিভিন্ন মানৱীয় দৃষ্টি ভংগীৰে থিয় দিছে। সলপামকে ধৰি বিভিন্ন অঞ্ছলত খোৱাপানী বিতৰণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ উপৰিও শনিবাৰে ছিপাঝাৰৰ স’লপাম গাঁৱত এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ লগতে কভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখযোগ্য যে এইবাৰ প্ৰলয়ংকাৰী বানত গাঁওখন সম্পুৰ্ণকৈ ক্ষতিগ্ৰস্ত হয় । ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত হোৱা অনুষ্ঠানটোত উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে ডা° সত্যব্ৰত হাজৰিকাই। প্ৰায় চল্লিশগৰাকী লোকক ভেকচিন প্ৰদানৰ লগতে গাওঁখনৰ ভালে সংখ্যক ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । স’লপাম প্ৰাথমিক বিদ্যালয়ত হোৱা স্বাস্থ্য পৰীক্ষা শিবিৰটোত উৎসাহৰ লগতে উদ্যোক্তাৰ ভুমিকা লয় স’লপাম মনোমিলন সংঘই ।